যুৱতীৰ শ্লীলতা হানিৰ চেষ্টা চলাই আৰক্ষীৰ জালত যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন নেতা - Accused of trying to molest a girl - ACCUSED OF TRYING TO MOLEST A GIRL
🎬 Watch Now: Feature Video


Published : Aug 23, 2024, 4:59 PM IST
মাজুলী,২৩ আগষ্ট: কলকাতাৰ ঘটনাই জোকাৰিছে সমগ্ৰ দেশ । ইফালে ধিঙত সংঘটিত ঘটনাক লৈয়ো চাঞ্চল্য বিৰাজ কৰিছে ৰাজ্যত । ইয়াৰ মাজতে মাজুলীত পোহৰলৈ আহিছে এক লাজ লগা ঘটনা । মাজুলীতো এগৰাকী যুৱতীৰ শ্লীলতা হানিৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে জাতীয় সংগঠনৰ এগৰাকী প্ৰাক্তন নেতাৰ বিৰুদ্ধে । যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন নেতাগৰাকীৰ বিৰুদ্ধে এগৰাকী যুৱতীৰ শ্লীলতা হানিৰ চেষ্টাৰ চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ।
মাজুলী থানাত বিকাশ দত্ত নামৰ যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন নেতাগৰাকীৰ বিৰুদ্ধে ইতিমধ্যে ৰুজু কৰা হৈছে গোচৰ । মাজুলীৰ কমলাবাৰীত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা । মাজুলীৰ এগৰাকী যুৱতীৰ গোচৰৰ ভিত্তিত জাতীয় সংগঠনটোৰ প্ৰাক্তন নেতাগৰাকীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । 31/24 u/s 126(2)74bns ধাৰাত যুৱতীগৰাকীৰ এজাহাৰৰ ভিত্তিত ইতিমধ্যে এটা গোচৰ ৰুজু কৰে মাজুলী থানাই ।