দেশপ্ৰেমমূলক গীত গাই স্বাধীনতা দিৱস উদযাপন বনকৰ্মীৰ - 78th Independence Day

By ETV Bharat Assamese Team

Published : Aug 15, 2024, 6:38 PM IST

thumbnail
দেশপ্ৰেমমূলক গীত গাই স্বাধীনতা দিৱস উদযাপন বনকৰ্মীৰ (ETV Bharat Assam)

কলিয়াবৰ,১৫ আগষ্ট: আজি দেশে উদযাপন কৰিছে ভাৰতৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস । সমগ্ৰ দেশৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মীসকলেও উদযাপন কৰে স্বাধীনতা দিৱস । ঘন অৰণ্যত ২৪ ঘন্টাই বন্যজন্তুৰ সুৰক্ষাৰ বাবে নিয়োজিত হৈ থকা বনকৰ্মীৰ মাজতো দেখা গ'ল দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ উল্লাস । দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস পালনৰ লগতে গীত গাই দেশৰ জনগণক স্বাধীনতা দিৱসৰ এই বিশেষ দিনটোত শুভেচ্ছা জনাই বনকৰ্মীসকলে ।  

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলৰ বনকৰ্মীসকলে বন্যপ্ৰাণী ৰক্ষাৰ দৰে কষ্টকৰ কামত নিয়োজিত হৈয়ো গীত-মাতেৰে দেশৰ স্বাধীনতা দিৱস পালন কৰে । এক ৰক্তক্ষয়ী অতীত আৰু পূৰ্ব প্ৰজন্মৰ ত্যাগ-বলিদানৰ ভেটিত গঢ় লৈ উঠা এই গৌৰৱোজ্জল স্বাধীনতা আজি সমগ্ৰ দেশেই উদযাপন কৰে । 

লগতে পঢ়ক: ঐতিহাসিক অসম চুক্তিয়ে ভৰি দিলে ৪০ বছৰত : কি পালে অসমে ? - Assam Accord

লখিমপুৰৰ দুটা স্থানত উদ্ধাৰ সন্দেহজনক বোমা - ULFA I bomb plans

ৰাজ্যৰ বিভিন্ন প্ৰান্তত স্বাধীনতা দিৱসৰ ব্যাপক কাৰ্যসূচী - 78th Independence Day

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.