বন্যপ্ৰাণীৰ অংগ সৰবৰাহ কৰি বন বিভাগৰ জালত চাৰি সৰবৰাহকাৰী - Smugglers arrested

By ETV Bharat Assamese Team

Published : Aug 10, 2024, 2:03 PM IST

thumbnail
বন্যপ্ৰাণীৰ অংগ সৰবৰাহ (ETV Bharat Assam)

গোলাপাৰা,১০ আগষ্ট: চুবুৰীয়া ৰাজ্যৰ দুস্কৃতিকাৰীয়ে অসমৰ পৰা চলাইছে বন্যপ্ৰাণীৰ গোপন সৰবৰাহ । গোৱালপাৰা জিলাৰ দৰংগিৰিত বনৰৌৰ বাকলিসহ গ্ৰেপ্তাৰ চাৰি চোৰাং সৰবৰাহকাৰী । বনবিভাগে এক গোপন খবৰৰ ভিত্তিত বন বিভাগৰ গোৱালপাৰাৰ কনচুলেচন ৰেঞ্জাৰ ধৰ্মেন্দ্ৰ দাসৰ নেতৃত্বত আৰু ৰংজুলি বনাঞ্চলিক বিষয়া সহযোগত দৰংগিৰিৰ এখন ধাবাৰ পৰা এক বুজন পৰিমাণৰ বনৰৌৰ বাকলি উদ্ধাৰ কৰে । লগতে চাৰিটাকৈ বন্যপ্ৰাণীৰ অংগৰ চোৰাং সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে ।

জানিব পৰা মতে, চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰা আহি দৰংগিৰিৰ এখন ধাবাত বাহৰ পাতি বনৰৌৰ বাকলিখিনি বিক্ৰী কৰিবলৈ ব্যৱস্থা কৰা সময়তে পূৰ্বৰ পৰা খাপপিতি ৰৈ থকা বন বিভাগৰ লোকে হাতে-লোতে ধৰিবলৈ সক্ষম হয় । ইয়াৰ পিচতে বনৰৌৰ বাকলিসহ ধৃত চাৰিওজন সৰবৰাহকাৰীকে ৰংজুলি বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়লৈ লৈ আনি বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰে । বনৰৌৰ বাকলিসহ জালত ধৃত সৰবৰাহকাৰীকেইটা ক্ৰমে মেঘালয়ৰ ৱাৰামজা'ৰ জিন্দাছ মোমিন, ফেভাৰচন মোমিন, কিলেন চাংমা আৰু মাণ্ডাড্ৰোপ'ৰ কাৰ্বিষ্ট' মোমিন বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: সাৱধান ! চৰকাৰী স্বাস্থ্যকেন্দ্ৰৰ বিনামূলীয়া সামগ্ৰীয়ে প্ৰাণ কাঢ়িব পাৰে আপোনাৰ - Supply of expired Nutritious foods

যোগ-পৰিৱেশৰ প্ৰতি সজাগতা সৃষ্টিৰ উদ্দেশ্যে ধেমাজিত উপস্থিত মহীশূৰৰ যুৱক - Yoga and environment awareness

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.