বান গ’ল: বালি আৰু পলসত পোত গ’ল কৃষকে সেউজ সপোন ৰচা ধাননি পথাৰ - Assam Flood 2024 - ASSAM FLOOD 2024

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Jul 22, 2024, 2:29 PM IST

জোনাই, ২২ জুলাই : আহাৰ মহীয়া প্ৰথমটো বানে জোনাইৰ কেইবাটাও অঞ্চলত সৃষ্টি কৰিলে ত্ৰাসৰ । ফলত বাট-পথ, মথাউৰি ছিগি যোৱাৰ লগতে গৃহহীন হ’ল কেইবাটাও অঞ্চলৰ বহু পৰিয়াল ৷ বানৰ পাচত এতিয়া বহু পৰিয়ালৰ সেউজীয়া কৃষি পথাৰবোৰ ৰূপান্তৰ হৈছে মৰুভূমিলৈ । ফলত দিশহাৰা হৈ পৰিছে খেতিয়কসকল ৷

বিশেষকৈ চিলে বা লেকু নদীৰ বাঢ়নী পানীয়ে নদীখনৰ গাইড বান্ধ ছিগি নিয়াৰ ফলত গাঁওখনৰ কেবাটাও পৰিয়ালৰ সেউজীয়া কৃষি পথাৰ এতিয়া বালিময় হৈ পৰিছে ৷ ফলত অনাগত দিনত জোনাইৰ বহু কৃষকৰ পৰিয়ালে অনাহাৰে দিন কটাবলগীয়া হ’ব পাৰে ৷ জোনাইৰ বাহিৰ চিলে মালভোগ গাঁৱৰ চহা খেতিয়ক ৰাইজৰ কৃষি পথাৰৰ এই দৃশ্যই এতিয়া শোকাকুল কৰি তুলিছে সাধাৰণ ৰাইজক ৷

ইফালে দুবছৰ পূৰ্বে নদীখনৰ চিগা অংশৰ গাইড বান্ধ নিৰ্মাণৰ বাবে চৰকাৰ প্ৰসাশনৰ লগতে স্থানীয় জনপ্ৰতিনিধিক বাৰম্বাৰ আবেদন জনাইছিল ৷ কিন্তু এই ক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়াৰ বাবেই গাঁৱৰ ৰাইজে এইদৰে আজি জীয়াতু ভুগিবলগীয়া হৈছে ৷ এই অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ ৰাইজে ৷

লগতে পঢ়ক : এটুপি খোৱাপানীৰ বাবে ধেমাজিত বন্যাৰ্তৰ হাহাকাৰ - Assam Flood 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.