জাঁজীৰ বাঢ়নী পানীয়ে ভাবুকি কঢ়িয়াইছে টীয়কৰ বনাই নপমুৱাৰ ৰিং বান্ধলৈ - ASSAM FLOOD 2024

By ETV Bharat Assamese Team

Published : Jul 3, 2024, 5:10 PM IST

thumbnail
জাঁজী নদীৰ জলপৃষ্ঠ বৃদ্ধি (ETV BHARAT ASSAM)

টীয়ক, ৩ জুলাই: মহাবাহু ব্ৰহ্মপুত্ৰৰ সমান্তৰালকৈ জাঁজী নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ । টীয়কৰ বনাই নপমুৱাৰ সমীপত জাঁজী নদীৰ বাঢ়নী পানীয়ে ভাবুকি আনিছে ৰিং বান্ধটোলৈ । প্ৰবল খহনীয়াৰ কবলত পৰি বিপন্ন হৈ পৰিছে বান্ধটোৰ সুৰক্ষা । ৰিং বান্ধটো পানীত বুৰ যাবলৈ মাত্ৰ সামান্য এটা অংশহে বাকী আছে । যিকোনো সময়তে নদীখনৰ বাঢ়নী পানীয়ে উটুৱাই নিব পাৰে ৰিং বান্ধটো । ফলত উজাগৰি নিশা কটাইছে নদীৰ কাষৰীয়া ৰাইজে ।  

ইপিনে,এই সুৰক্ষা বান্ধটো ভাগিলে চৰম ভাবুকি আহিব মূল মথাউৰিটোলৈ । সেয়ে ৰাইজ এতিয়া চিন্তিত হৈ পৰিছে । উল্লেখ যে যোৱা বছৰ উক্ত খহনীয়া এলেকাত কেইডালমান বাঁহৰ বুৰুজ মাৰিয়েই দায়িত্ব সামৰিলে জলসম্পদ বিভাগে । খৰালি বাট পথকে ধৰি বান্ধটো মেৰামতি কৰাৰ আশ্বাস প্ৰদান কৰা বিভাগীয় কৰ্তৃপক্ষৰ লগতে জনপ্ৰতিনিধিয়ে এতিয়া এই দুৰ্যোগৰ সময়ত চাবলৈও অহা নাই বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে ।  

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.