thumbnail

তিনিকুৰি বছৰ পাৰ কৰাৰ পাচতো হেৰুওৱা নাই দুভৰিৰ ছন্দ - Dance performance of ex teacher

By ETV Bharat Assamese Team

Published : Jul 6, 2024, 7:59 PM IST

সৰুপথাৰ,৬ জুলাই: শুকুৰবাৰে সৰুপথাৰত অনুষ্ঠিত হয় সাহিত্যৰ জুহালত গল্প উন্মোচন আৰু বক্তৃতানুষ্ঠান । উক্ত অনুষ্ঠানতেই সকলো সাহিত্যপ্ৰেমীক মোহিত কৰিলে এগৰাকী ৬০ উৰ্ধৰ প্ৰাক্তন শিক্ষয়িত্ৰীৰ সৃষ্টিশীল নৃত্যই । ভূপেন হাজৰিকাৰ গীতত নৃত্য প্ৰদৰ্শন কৰে প্ৰাক্তন শিক্ষয়িত্ৰী কৰুণা মেধা শইকীয়াই । এগৰাকী প্ৰাক্তন শিক্ষয়িত্ৰী তথা অনন্য প্ৰতিভাৰ গৰাকী কৰুণা মেধা শইকীয়া । শিক্ষকতা জীৱনৰ পৰা অৱসৰ ল'লেও কিন্তু সাহিত্য চৰ্চাৰ লগত জড়িত হৈ অনবদ্য অৱদান আগবঢ়াইছে । কৰুণা মেধা শইকীয়াৰ অৱদান তথা প্ৰতিভাৰ প্ৰতি লক্ষ্য ৰাখি "সাহিত্যৰ জুহাল শিক্ষা সৌৰভ সন্মান ২০২৪" আগবঢ়াই সাহিত্যৰ জুহাল গোটে ।  

উল্লেখযোগ্য যে ২০০১ চনৰ সাধাৰণ লোকপিয়লত গাণনিক হিচাপে ভাৰতৰ ৰাষ্ট্ৰপতিৰ প্ৰশংসা-পত্ৰ লাভ কৰিবলৈয় সক্ষম হৈছিল এইগৰাকী প্ৰাক্তন শিক্ষয়িত্ৰীয়ে । ইয়াৰোপৰি ৰাষ্ট্ৰীয় সমতা পৰিষদৰ দ্বাৰা প্ৰদান কৰা "শিক্ষক ৰত্ন বঁটা" লাভ কৰে ২০১৯ চনত । ২০১৯ চনত ড৹ বি. আৰ. আম্বেদকাৰ ৰাষ্ট্ৰীয় সন্মান পদক, ২০২২ চনত অসম জ্ঞান ৰত্ন বঁটা, ২০২১-২২ বৰ্ষত সমাজ সাহিত্য সৌৰভ বঁটাৰ উপৰিও কেইবাটাও বঁটাৰে সন্মানিত হৈছে এইগৰাকী শিক্ষয়িত্ৰীয়ে । 

লগতে পঢ়ক: ভাষা আন্দোলনৰ প্ৰথমগৰাকী ছহিদক স্মৰণ আছুৰ - Assamese Language Movement

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.