তেলেংগানাস্থিত ঈনাডুৰ মুখ্য কাৰ্যালয়ত সোণালী জয়ন্তী অনুষ্ঠান LIVE - Eenadu Golden Jubilee

By ETV Bharat Assamese Team

Published : Aug 10, 2024, 3:43 PM IST

Updated : Aug 10, 2024, 5:37 PM IST

thumbnail
ভাৰতত সৰ্বাধিক প্ৰচলিত তেলুগু ভাষাৰ দৈনিক কাকত ঈনাডুৱে আজি সোণালী জয়ন্তী উদযাপন কৰাৰ সময়তে তেলেংগানাত অৱস্থিত কাকতখনৰ মূল কাৰ্যালয়টো সজাই পৰাই তোলা হৈছে । বছৰ বছৰ ধৰি ঈনাডুৱে নিজকে কেৱল বাতৰি সেৱাৰ মাজতে সীমাবদ্ধ কৰি ৰখা নাই, বৰঞ্চ কণ্ঠহীন আৰু দুৰ্দশাগ্ৰস্ত লোকৰ অভিভাৱকৰ ভূমিকা পালন কৰি সামাজিকভাৱে দায়বদ্ধ সংবাদ মাধ্যমৰ সংস্থাৰূপে গঢ় লৈ উঠিছে ৷ ১৯৭৪ চনৰ ১০ আগষ্টত বিশাখাপট্টনমত জন্মগ্ৰহণ কৰা এই কাকতখনে ভাৰতৰ সংবাদ মাধ্যম উদ্যোগত বিশেষ স্থান দখল কৰিছে । অক্ষৰযোধ্য ৰামোজী ৰাওৰ ধাৰণাৰে গঠিত ধ্বজাবাহী ‘ঈনাডু’ৱে সময়ে সময়ে নতুনত্বৰ যোগেদি তথ্য বিপ্লৱৰ সূচনা কৰিছে । প্ৰথম অৱস্থাত ৪৫০০ ৰ পৰা আৰম্ভ কৰি বৰ্তমান সময়লৈ ১৩ লাখৰো অধিক বাতৰি কাকত বিক্ৰীৰে সৰ্বাধিক প্ৰচলিত তেলুগু দৈনিক হিচাপে নিজকে গৌৰৱেৰে প্ৰতিষ্ঠা কৰিছে ।
Last Updated : Aug 10, 2024, 5:37 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.