কৰিমগঞ্জত ১১৫ কোটি টকাৰ ড্ৰাগছ জব্দ : আটক ৪ সৰবৰাহকাৰী - Anti Drugs Mission - ANTI DRUGS MISSION

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Aug 9, 2024, 8:17 PM IST

কৰিমগঞ্জ, ৯ আগষ্ট : এছ টি এফ আৰু কৰিমগঞ্জ আৰক্ষীৰ যুটীয়া অভিযানত কৰিমগঞ্জত জব্দ বুজন পৰিমাণৰ ড্ৰাগছ ৷ এছ টি এফৰ আই জি পাৰ্থসাৰথি মহন্ত আৰু কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতীম দাসৰ নেতৃত্বত চলোৱা অভিযানত জব্দ কৰা হয় বিপুল পৰিমাণৰ হেৰ’ইন আৰু য়াবা টেবলেট ৷

পোৱামাৰা এলাকাৰ কৰিমগঞ্জ বাইপাছত চলা অভিযানত জব্দ হয় ৩.৫০.০০০ য়াবা টেবলেট আৰু ১৩০০ গ্ৰাম হেৰ’ইন ৷ জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ১১৫ কোটি টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷ ঘটনাত জড়িত ৪ জনক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে ৷ আটকাধীন সকল হ’ল ন‌ইমুল হক, ফুজাইল আহমেদ, আতিকুৰ ৰহমান, আৰু জগজিৎ দেববৰ্মা । NL 01A C 4764 নম্বৰৰ ১২ চকীয়া এখন ট্ৰাকৰ গোপন চেম্বাৰত ভৰাই অনা হৈছিল ড্ৰাগছখিনি ৷

উল্লেখ্য যে জব্দ হোৱা ট্ৰাকখনৰ মালিক ন‌ইমুল হকৰ পুত্ৰ হাবিব কিছুদিন পূৰ্বে ড্ৰাগছ সৰবৰাহ কৰিবলৈ গৈ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ পিছত বৰ্তমান কৰিমগঞ্জ জিলা কাৰাগাৰত আছে ।

লগতে পঢ়ক : শিলচৰত 18 হাজাৰ য়াবা টেবলেটৰ সৈতে এজন যুৱকক আটক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.