তিনিচুকীয়াত ড্ৰাগছসহ আৰক্ষীৰ জালত 2 - Operation against drugs in Assam

By ETV Bharat Assamese Team

Published : Aug 9, 2024, 9:21 AM IST

thumbnail
তিনিচুকীয়াত ড্ৰাগছসহ আৰক্ষীৰ জালত 2 (ETV Bharat Assam)

তিনিচুকীয়া, 9 আগষ্ট: ৰাজ্যত বৰ্তমানেও হ্ৰাস পোৱা নাই ড্ৰাগছৰ সৰবৰাহ ৷ বাণিজ্যিক চহৰ তিনিচুকীয়াৰ মাকুম ৰ’ডৰ উৰণ সেতুৰ সমীপত বৃহস্পতিবাৰে তিনিচুকীয়া আৰক্ষীয়ে অভিযান চলাই ডিমাপুৰৰ পৰা কঢ়িয়াই অনা অৱস্থাত ড্ৰাগছসহ দুই যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । তিনিচুকীয়াৰ উপ-আৰক্ষী অধীক্ষক পুলকেশ ৰাভা আৰু তিনিচুকীয়া সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৰাগজ্যোতি বুঢ়াগোঁহাইৰ নেতৃত্বত চলোৱা এই অভিযানত দুই অভিযুক্তৰ পৰা আৰক্ষীয়ে ন টাকৈ সন্দেহজনক ড্ৰাগছৰ পেকেট জব্দ কৰিবলৈ সক্ষম হয় বুলি জনায় ৷ 

জব্দ কৰা ড্ৰাগছখিনিৰ ওজন 122 গ্ৰাম । ধৃত দুই শদিয়াৰ মুনিন্দ বৰা আৰু মৌচম ৰায় বুলি আৰক্ষীয়ে জনায় ৷ বৰ্তমান আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷ অধিক তথ্যৰ বাবে যুৱক দুজনক তিনিচুকীয়া সদৰ আৰক্ষী থানাত ৰাখি আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: কেইবা লাখ টকাৰ ড্ৰাগছসহ গোলাঘাট আৰক্ষীৰ জালত মহিলা সৰবৰাহকাৰী

ড্ৰাগছ সৰবৰাহকাৰীক লক্ষ্য কৰি গুলীবৰ্ষণ গোলাঘাট আৰক্ষীৰ - Operation against drugs

বিমান বন্দৰত প্ৰায় 13 কোটি টকাৰ হেৰ’ইনসহ গ্ৰেপ্তাৰ জাৰ্মান নাগৰিক - Cocaine seized in Delhi Airport

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.