ETV Bharat / entertainment

মুক্তিলৈ দুদিন, বিপদে লগ এৰা নাই ‘ইমাৰ্জেন্সী’ৰ - EMERGENCY MOVIE BAN IN BANGLADESH

মুক্তিৰ দুদিন আগতে কংগনা ৰনৌতৰ ‘ইমাৰ্জেন্সী’ ছবিখন আন এক বিপৰ্যয়ৰ সন্মুখীন হৈছে ৷ চুবুৰীয়া দেশত নিষিদ্ধ কৰা হৈছে ছবিখন ৷

kangana ranaut starrer emegency banned in bangladesh
কংগনা ৰনৌতৰ ‘ইমাৰ্জেন্সী’ (Photo : Film Poster)
author img

By ETV Bharat Entertainment Team

Published : Jan 15, 2025, 4:17 PM IST

মুম্বাই : কেইবাবাৰো পিছুৱাই দিয়াৰ পিছত অৱশেষত ছবিগৃহত মুক্তি পাবলৈ সাজু হৈছে কংগনা ৰনৌতৰ ছবি ‘ইমাৰ্জেন্সী’ । কিন্তু মুক্তিৰ পূৰ্বেই ‘ইমাৰ্জেন্সী‘ এক বিপৰ্যয়ৰ সন্মুখীন হৈছে । বাংলাদেশত ছবিখন নিষিদ্ধ কৰা হৈছে । চুবুৰীয়া দেশখনে কিয় ‘ইমাৰ্জেন্সী‘ৰ মুক্তিৰ বিৰোধিতা কৰিছে সেই সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন ৷

বাংলাদেশত ‘ইমাৰ্জেন্সী’ কিয় নিষিদ্ধ কৰা হৈছে ?

বহুতো বিতৰ্কত লিপ্ত হোৱাৰ পিছত আৰু কিছু বিশেষ দৃশ্য আঁতৰ কৰাৰ পিছত, চেন্সৰ ব’ৰ্ডে ‘ইমাৰ্জেন্সী’ মুকলিৰ বাবে সন্মতি প্ৰদান কৰে । বিগত বছৰৰ পৰাই বিভিন্ন প্ৰতিবাদৰ মাজেৰে আহি ছবিখন এই বছৰত মুক্তি পাবলৈ আগবাঢ়িছে ৷ কিন্তু এতিয়াও বিপদে লগ এৰা নাই চলচ্চিত্ৰখনক । ছবিখন মুক্তি পাবলৈ মাত্ৰ দুদিন বাকী আছে আৰু জানিবলৈ পোৱা গৈছে যে ছবিখন বাংলাদেশত নিষিদ্ধ কৰা হৈছে । বাতৰি অনুসৰি, ভাৰত আৰু বাংলাদেশৰ মাজত চলি থকা উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে । এই চলচ্চিত্ৰখন ৰাজনৈতিক পৃষ্ঠভূমিত নিৰ্মাণ হোৱাৰ বাবেই বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে ।

আন এটা কাৰণ হ’ল ইয়াত বাংলাদেশৰ প্ৰথম ৰাষ্ট্ৰপতি তথা স্বাধীনতা সংগ্ৰামী শ্বেখ মুজিবুৰ ৰহমানৰ হত্যাকাণ্ড দেখুওৱা হৈছে । দৰাচলতে বাংলাদেশত তেওঁক বাংলাদেশৰ পিতৃ বুলিও কোৱা হয় আৰু পাকিস্তান আৰু বাংলাদেশ বিভাজনত তেওঁ মূল ভূমিকা পালন কৰিছিল । ইয়াৰ উপৰিও ইন্দিৰা গান্ধীয়েও এই বিভাজনত অৰিহণা যোগাইছিল, যাৰ ফলত ১৯৭১ চনত ভাৰত-পাকিস্তান যুদ্ধৰ সৃষ্টি হৈছিল ।

কিয় পিছুৱাই দিয়া হৈছিল ‘ইমাৰ্জেন্সী’ ?

‘ইমাৰ্জেন্সী’ ২০২৪ চনৰ ১৪ জুনত মুক্তি পোৱাৰ কথা আছিল, কিন্তু লোকসভা নিৰ্বাচনৰ বাবে সলনি হ’ল তাৰিখ । তাৰ পিছত মুক্তিৰ তাৰিখ ৬ ছেপ্টেম্বৰলৈ পিছুৱাই দিয়া হৈছিল যদিও চেন্সৰ ব’ৰ্ডে প্ৰমাণপত্ৰ দিবলৈ অস্বীকাৰ কৰে । কংগনা উচ্চ ন্যায়ালয় পায়গৈ ৷ অৱশেষত, ছবিখনত কিছু পৰিৱৰ্তন কৰাৰ পিছত চেন্সৰ ব’ৰ্ডৰ পৰা প্ৰমাণপত্ৰ দিয়া হৈছে বুলি কংগনাই ঘোষণা কৰে । তাৰ পিছতে কংগনাই ১৭ জানুৱাৰীত ‘ইমাৰ্জেন্সী’ মুক্তিৰ কথা ঘোষণা কৰিছিল ।

লগতে পঢ়ক : 'ইমাৰ্জেন্সী' চাবলৈ প্ৰিয়ংকাক মাতিছে কংগনাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.