পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসম সন্তান

By ETV Bharat Assamese Team

Published : Feb 13, 2024, 4:03 PM IST

thumbnail

জোনাই ১৩ ফেব্ৰুৱাৰী: পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিল অসম সন্তান ৷ টিভিৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব’ Dance Deewane Season 4 ত উজলি উঠিছে অসমৰ ধেমাজি জিলাৰ দেকাপাম কুহিঁয়াৰবাৰী গাঁৱৰ সিদ্ধাৰ্থ দৰ্জী ৷ 

ৰাষ্ট্ৰীয় পৰ্যায়ৰ Colours TV ত প্ৰচলিত ভাৰতৰ জনপ্ৰিয় টিভি শ্ব’ Dance Deewane Season 4 ত সকলোৰে প্ৰশংসা লাভ কৰিছে সানজাৰি নোগোৰ চিমেন চাপৰিস্থিত Soul Dance Academy ৰ ছাত্ৰ সিদ্ধাৰ্থ দৰ্জী  ।

উল্লেখ্য যে, সানজাৰি নোগোৰ চিমেন চাপৰিস্থিত Soul Dance Academy ৰ কিষাণ টামাঙৰ ছাত্ৰ সিদ্ধাৰ্থ দৰ্জীয়ে কঠোৰ পৰিশ্ৰমৰে আজি এই পৰ্যায়লৈ উপনীত হৈছে ৷ নিজৰ প্ৰতিভাৰে শ্ব’টোৰ বিচাৰকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা সিদ্ধাৰ্থ দৰ্জীয়ে পৰৱৰ্তী ৰাউণ্ডত ইতিমধ্যে প্ৰৱেশ কৰিছে । 

এইখিনিতে উল্লেখ কৰিব লাগিব যে মাধুৰী দীক্ষিত, ধৰ্মেশ য়েলাণ্ডে আৰু তুষাৰ কলিয়া বিচাৰকৰ দায়িত্বত আছে ৷ 

লগতে পঢ়ক: জয়পুৰ আন্তঃৰাষ্ট্ৰীয় মহোৎসৱত প্ৰশংসিত হ’ল অসম আৰক্ষীৰ ফেহুঁজালি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.