নলবাৰীত কংগ্ৰেছৰ ভাৰত ত্যাগ আন্দোলনৰ ৰোমন্থন - Quit India Movement

By ETV Bharat Assamese Team

Published : Aug 9, 2024, 9:27 PM IST

thumbnail
ভাৰত ত্যাগ আন্দোলন দিৱস (ETV Bharat Assam)

নলবাৰী, ৯ আগষ্ট : আজি ৯ আগষ্ট । আজিৰ দিনটোতেই উদযাপন কৰা হয় ভাৰত ত্যাগ আন্দোলন দিৱস । ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণকাৰীসকলৰ প্ৰতিচ্ছবিত মাল্যাৰ্পনেৰে আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়েও উদযাপন কৰে ভাৰত ত্যাগ আন্দোলন দিৱস । নলবাৰী ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছ কমিটী আৰু নলবাৰী জিলা কংগ্ৰেছৰ উদ্যোগত পালন কৰাহয় ভাৰত ত্যাগ আন্দোলন দিৱস ।  

সহস্ৰাধিক কংগ্ৰেছ নেতা-কৰ্মীৰ উপস্থিতিত নলবাৰী ৰাজীৱ ভৱনত এই দিৱস পালন কৰা হয় । আনহাতে,পুৱাৰ ভাগত পতাকা উত্তোলন, চাফাই কাৰ্যসূচী সম্পন্ন কৰা হয় । ইয়াৰ পিছতেই আয়োজিত এক অনুষ্ঠানত নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই যোগদান কৰে কংগ্ৰেছত । এই অনুষ্ঠানত  উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা , সাংসদ গৌৰৱ গগৈ , প্ৰদ্যুৎ বৰদলৈকে আদি কৰি বহু দলীয় নেতা কৰ্মী ।

লগতে পঢ়ক: লখিমপুৰত ভাৰত ত্যাগ আন্দোলন ৰোমন্থন কংগ্ৰেছৰ - Quit India Movement

কংগ্ৰেছত যোগদান অশোক শৰ্মাৰ: বিজেপিত ভয়-ভাবুকিৰ ৰাজনীতি চলাৰ ভয়ংকৰ অভিযোগ - Ashok Sharma joins congress

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.