ৰকিবুল হুছেইনৰ হৈ প্ৰিয়ংকা গান্ধীৰ নিৰ্বাচনী প্ৰচাৰ LIVE - Lok sabha election - LOK SABHA ELECTION
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/01-05-2024/640-480-21357851-thumbnail-16x9-vbnd.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : May 1, 2024, 12:33 PM IST
|Updated : May 1, 2024, 1:34 PM IST
কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ধুবুৰীত উপস্থিত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰা । আজি পুৱা ১১ বজাত ৰূপচী বিমান বন্দৰত অৱতৰণ কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ৷ ৰূপচী বিমানকোঠৰ পৰা এখন বাহনেৰে গৌৰীপুৰৰ বালাপাৰালৈ আহে আৰু বালাপাৰাত কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ হৈ নিৰ্বাচনী সভাত প্ৰচাৰ চলায় প্ৰিয়ংকা গান্ধী ভাদ্ৰাই ।পাঁচটা গেৰাণ্টি লৈ ন্যায় সংকল্প যাত্ৰাৰ জৰিয়তে আজি নিৰ্বাচনী প্ৰচাৰ চলায় প্ৰিয়ংকা গান্ধীয়ে । সভাস্থলীলৈ হেজাৰ হেজাৰ লোকৰ আগমন হয় ৷কংগ্ৰেছৰ পাঁচটা গেৰাণ্টিৰ ভিতৰত আছে ৩০ লাখ চৰকাৰী চাকৰি, দৰিদ্ৰ পৰিয়ালৰ মহিলাসকলক প্ৰতি বছৰে এক লাখ টকা প্ৰদান, MSP ৰ আইনী নিশ্চয়তা, ২৫ লাখৰ স্বাস্থ্য বীমা আৰু প্ৰতিদিনে ৪০০ টকালৈ মজুৰি বৃদ্ধি ।নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী ভাদ্ৰাৰ লগতে কংগ্ৰেছৰ নিৰ্বাচনী সভাত উপস্থিত থাকে জীতেন্দ্ৰ সিং, পৃথ্বিৰাজ সাথে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিধায়ক ৱাজেদ আলী চৌধুৰী, জাকিৰ হুছেইন শিকদাৰ, আব্দুছ ছোৱাহান আলী সৰকাৰ প্ৰমূখ্যে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ বহু নেতা, সাংসদ-বিধায়ক ।
Last Updated : May 1, 2024, 1:34 PM IST