এগজিট প'ল ভুল প্ৰমাণিত কৰিব নিৰ্বাচনী ফলাফলে: প্ৰদ্যুৎ বৰদলৈ - Lok Sabha Election Results 2024

By ETV Bharat Assamese Team

Published : Jun 4, 2024, 4:17 PM IST

thumbnail
প্ৰদ্যুৎ বৰদলৈৰ ভাষ্য (etv bharat assam)

নগাঁও, 4 জুন : আজি ঘোষণা হ'ব লোকসভা নিৰ্বাচনৰ ফলাফল । সমগ্ৰ দেশৰ লগতে অসমৰো বিভিন্ন জিলাত ভোটগণনা প্ৰক্ৰিয়া চলি আছে । পুৱা 8 বজাৰ পৰা আৰম্ভ হয় এই ভোটগণনাৰ প্ৰক্ৰিয়া ৷ প্ৰতিটো দলৰে প্ৰাৰ্থীসকলে ভোটকেন্দ্ৰত উপস্থিত হৈ পৰিস্থিতি পৰ্যৱেক্ষণ কৰি তেওঁলোকৰ কৌতুহল ব্যক্ত কৰিছে ৷ দেশৰ জনসাধাৰণে অধীৰভাৱে অপেক্ষা কৰি আছে নিৰ্বাচনৰ ফলাফললৈ ৷

লোকসভা নিৰ্বাচনৰ ফলাফলৰ লাইভ আপডেটৰ বাবে ক্লিক কৰক- https://www.etvbharat.com/as/!elections/lok-sabha-election-results-2024

এই নিৰ্বাচনী ফলাফলক লৈ যথেষ্ট আশাবাদী নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ । নগাঁৱৰ লগতে ধুবুৰী আৰু যোৰহাটত কংগ্ৰেছৰ বিজয় নিশ্চিত বুলিও দাবী কৰে প্ৰদ্যুৎ বৰদলৈয়ে । ভোটগণনা চলি থকাৰ মাজতে ই টি ভি ভাৰতৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত দেশৰ অধিকাংশ সংবাদ মাধ্যমেই বিজেপিৰ পক্ষত এগজিট প'ল দিয়া বুলি মন্তব্য কৰে প্ৰদ্যুৎ বৰদলৈয়ে । 

লগতে পঢ়ক : বহুত সোনকালে ৰকিবুলৰ গাড়ীৰ তেল শেষ হ’ব : বদৰুদ্দিন আজমল - Lok Sabha Election Results 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.