শীঘ্ৰে ৰেচনকাৰ্ডৰ হিতাধিকাৰীয়ে লাভ কৰিব ইঞ্চুৰেঞ্চ আৰু অৰুণোদয় সুবিধা: হিমন্ত বিশ্ব শৰ্মা - যোৰহাটত ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচী

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Jan 23, 2024, 3:48 PM IST

যোৰহাট,২৩ জানুৱাৰী: মঙলবাৰে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত কেন্দ্ৰীয়ভাৱে ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচী শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ ফলত গঠিত যোৰহাট বিধানসভা সমষ্টিৰ অন্তৰ্গত ৬,৩২৮ গৰাকীৰ হিতাধিকাৰীক আনুষ্ঠানিকভাৱে ৰেচন কাৰ্ড বিতৰণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । "সমাজৰ শেষজনৰ ব্যক্তি লৈ সুৰুজ কঢ়িয়াই আনক, এয়াই আমাৰ চৰকাৰৰ লক্ষ্য" বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।  

তেওঁ লগতে কয় যে ২০১৩ খাদ্য সুৰক্ষা আঁচনিৰ অধীনত লাভ কৰা ৰেচন কাৰ্ডৰ জৰিয়তে এজন সদস্যই ৫কেজিকৈ চাউল, এবছৰত ৫ লাখ টকা বিনামূলীয়াকৈ চিকিৎসা সুবিধা আৰু প্ৰধানমন্ত্ৰী বিনামূলীয়া উজ্বলা আঁচনিৰ অধীনত ৰন্ধন গেছৰ সুবিধা লাভ কৰে । ইয়াৰোপৰি ২০২৬ ৰ বিধানসভা নিৰ্বাচন পূৱে ৰেচন কাৰ্ডৰ গৰাকীয়ে বিনামূলীয়াকৈ ইঞ্চুৰেঞ্চ সুবিধা আৰু অৰুনোদয় আঁচনিৰ সুবিধা লাভ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । আনহাতে ২০৩০ ৰ আগতেই অসমৰ কেইবাটাও দীৰ্ঘ ম্যাদী প্ৰকল্প ৰাইজৰ বাবে মুকলি কৰি দিয়া হ'ব বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে ।  

লগতে পঢ়ক: চিৰাঙৰ ১৯ নং চিদলী সমষ্টিৰ ৯৫৭৪ টা পৰিয়ালৰ লোকক ৰেচন কাৰ্ড বিতৰণ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.