thumbnail

মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিলে কাছাৰ কেঞ্চাৰ হাস্পতালৰ নিউক্লিয়াৰ মেডিচিন চেন্টাৰ - Cachar Cancer Hospital

By ETV Bharat Assamese Team

Published : Aug 22, 2024, 10:09 PM IST

কাছাৰ,২২ আগষ্ট: বৃহস্পতিবাৰে কাছাৰ কেঞ্চাৰ হাস্পতালত নিউক্লিয়াৰ মেডিচিন চেন্টাৰৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । এয়াৰপ'ৰ্ট অথ'ৰিটি অফ ইণ্ডিয়াৰ আৰ্থিক সাহায্যত শিলচৰ মেহেপুৰস্থিত কাছাৰ কেঞ্চাৰ হাস্পতালত নতুনকৈ নিৰ্মাণ কৰা হৈছে এই নিউক্লিয়াৰ মেডিচিন চেন্টাৰ । তিনিদিনীয়া কাৰ্যসূচীৰে বৃহস্পতিবাৰে বৰাকত উপস্থিত হোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে কয়,"নতুনকৈ নিৰ্মাণ হোৱা এই নিউক্লিয়াৰ চেন্টাৰে বহু সহায় কৰিব ৷ ইয়াৰ জৰিয়তে উপকৃত হ'ব বৰাকৰ ৰাইজ ।" প্ৰথমদিনাৰ অনুষ্ঠান শেষ কৰি বিজেপি‌ কাৰ্যালয়ত বিজেপি কাৰ্যকৰ্তাৰ লগতো মিলিত হয় মুখ্যমন্ত্ৰীগৰাকী ।  

ইয়াৰ পিছতে বৰ্ষীয়ান বিজেপি নেতা কবীন্দ্ৰ পুৰকায়স্থৰ স্বাস্থ্যৰ বুজ লয় মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মা । আনহাতে ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হয় ধলাই সমষ্টিৰ বৰজালেংগাৰ আদৰ্শ মহাবিদ্যালয়ৰ ভূমি পূজন অনুষ্ঠানত । ৩৫ কোটি টকা ব্যয়ৰে মহাবিদ্যালয়খন নিৰ্মান হ'ব বুলি জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ 

লগতে পঢ়ক: বৰপেটাৰ কেঞ্চাৰ হাস্পতালত অত্যাধুনিক পেট-চিটি স্কেন সেৱা মুকলি - Barpeta Cancer Care Institute

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.