কৰ্কট ৰোগত আক্ৰান্ত দুই নাতি : ককাক-আইতাকৰ হাততে প্ৰদান মুখ্যমন্ত্ৰীৰ আৰ্থিক সাহাৰ্য - Seek Medical Help

By ETV Bharat Assamese Team

Published : Jul 18, 2024, 4:13 PM IST

thumbnail
হতভগীয়া পৰিয়ালক সহায় (ETV Bharat Assam)

তেজপুৰ, ১৮ জুলাই : দুই ভাতৃ-ভগ্নী ৷ তেওঁলোক হ’ল তেজপুৰ তল-গেৰেকীৰ পংকজ মেচ আৰু মৃগাক্ষী মেচৰ সন্তাদ্বয় ৪ বছৰীয়া বৈভৱ মেচ আৰু ১৪ বছৰীয়া হিয়াজভি মেচ ৷ দুয়ো আক্ৰান্ত দুৰাৰোগ্য কৰ্কট ৰোগত ৷ চিকিৎসালয়লৈ তাঁত-বাতি কৰি হাহাকাৰ পৰিয়ালটোৰ ৷

কাৰো মুখতে যে মাত নাই ৷ কোনে দিব তেওঁলোকক সান্ত্বনা ! ভগৱান বুলি জ্ঞান কৰা চিকিৎসকেই তেওঁলোকৰ শেষ ভৰসা ৷ কিন্তু সন্তানৰ চিকিৎসা কৰি ভাগৰুৱা হৈ পৰিছে তেওঁলোকৰ পিতৃ-মাতৃ ৷ হাততো নাইকিয়া হৈছে ধন ৷ আইতাক-ককাকৰ এটাই আশা- সোনকালে সুস্থ হৈ উঠক তেওঁলোকৰ নাতি দুটি ৷

অৱশেষত এই পৰিয়ালটোক কিছু আৰ্থিক সকাহ দিবলৈ বৃহস্পতিবাৰে এই হতভগীয়া পৰিয়ালটোৰ কাষত থিয় হয়গৈ মুখ্যমন্ত্ৰীৰ প্ৰেছ সচিব ধ্ৰুৱ মহন্তসহ এটা দল ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে পৰিয়ালটোক কিছু আৰ্থিক সাহাৰ্য প্ৰদান কৰে ৷ 

উল্লেখ্য যে, বিগত ২০ জুনত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ সমাধিক্ষেত্ৰলৈ অহাৰ মুহূৰ্তত শিশু দুটিৰ মাতৃ মৃগাক্ষী মেচে মুখ্যমন্ত্ৰীক লগ ধৰি এক আবেদন জনাইছিল ৷ সেই আবেদনৰ ভিত্তিতে মুখ্যমন্ত্ৰীগৰাকীয়ে ৫ লাখ টকাৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰে ৷ সম্প্ৰতি মুম্বাইত উন্নত চিকিৎসা গ্ৰহণ কৰি আছে ভাতৃ-ভগ্নীদ্বয়ে ৷

বৃহস্পতিবাৰে শোণিতপুৰৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰক লগত লৈ মুখ্যমন্ত্ৰীৰ প্ৰেছ সচিব ধ্ৰৱ মহন্তই তেজপুৰ তল-গেৰেকীস্থিত বৈভৱ আৰু হিয়াজভিৰ বাসগৃহত উপস্থিত হৈ তেওঁলোকৰ ককাক মোলান মেচ আৰু আইতাক নিৰ্মলা মেচৰ হাতত আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰীৰ হৈ চেকখন প্ৰদান কৰে ৷

লগতে পঢ়ক : কন্যাক সুস্থ কৰিবলৈকে মাতৃয়ে বিক্ৰী কৰিবলৈ ওলাইছে কিডনী - Seek Medical Help

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.