thumbnail

হোজাইত ৰামলালাৰ প্রাণ প্রতিষ্ঠা উপলক্ষে চাফাই অভিযান

By ETV Bharat Assamese Team

Published : Jan 21, 2024, 2:32 PM IST

Updated : Jan 23, 2024, 10:14 AM IST

হোজাই,২১ জানুৱাৰী : বহু প্ৰত্যাশিত ৰাম মন্দিৰৰ ৰামলালাৰ প্রাণ প্রতিষ্ঠা উপলক্ষে সমগ্ৰ দেশতে বিৰাজ কৰিছে এক উৎসৱমুখৰ পৰিৱেশ । দেশৰ লগতে ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে ৰামলালাৰ প্রাণ প্রতিষ্ঠাক লৈ বিৰাজ কৰিছে এক উখল-মাখল পৰিৱেশ । ব্যতিক্ৰম নহয় হোজাই জিলাতো । হোজাই জিলাতো বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ।  

অযোধ্যাৰ নৱনির্মিত ৰাম মন্দিৰত ভগবান ৰামলালাৰ প্রাণ প্রতিষ্ঠা উপলক্ষে হোজাই জিলাৰ বিভিন্ন মঠ-মন্দিৰ-মছজিদ চাফাই কৰা কামত জড়িত হৈ পৰিছে দল-সংগঠনৰ লগতে জিলাখনৰ লোকসকল । দেওবাৰে লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰই লংকা সাৰ্বজনীন নামঘৰত উপস্থিত হৈ নিজৰ লগতে দলীয় কৰ্মকৰ্তাৰ উপৰিও নামঘৰ কমিটিৰ বিষয়-ববীয়াক লৈ চাফাই অভিযানৰ কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হয় । 

লগতে পঢ়ক: ৰাম লালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ ৰাম সেতু দৰ্শন

Last Updated : Jan 23, 2024, 10:14 AM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.