thumbnail

By ETV Bharat Assamese Team

Published : Jul 9, 2024, 5:31 PM IST

ETV Bharat / Videos

চিকিৎসক দম্পতীৰ পাচত এইবাৰ প্ৰবক্তাৰ ঘৰত শিশু নিৰ্যাতনৰ অভিযোগ - professor arrested in bongaigaon

বঙাইগাঁও, ৯ জুলাই: বঙাইগাঁও চহৰৰ বি এড কলেজ পথত শিশু সুৰক্ষা বিভাগৰ অভিযান । বীৰঝৰা মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ প্ৰবক্তা সঞ্জীৱ বাগলাৰীৰ ভাৰাঘৰত শিশু সুৰক্ষা বিভাগে চলাই এই অভিযান । প্ৰবক্তাগৰাকীয়ে কোনো আইনী প্ৰক্ৰিয়া সম্পন্ন নকৰি বেলেগৰ কন্যা শিশুক নিজৰ ঘৰত ৰখাৰ অভিযোগ লাভ কৰিছিল শিশু সুৰক্ষা বিভাগে ৷ অভিযোগ পোৱাৰ পাচতেই শিশু সুৰক্ষা বিভাগে বঙাইগাঁও আৰক্ষীৰ সহযোগত আৰু বঙাইগাঁও চক্ৰ বিষয়াৰ উপস্থিতিত প্ৰবক্তাগৰাকীৰ ঘৰত অভিযান চলায় ৷

অভিযানৰ সময়ত দলটোৱে প্ৰবক্তাগৰাকীৰ ঘৰৰ পৰা এটি কন্যা শিশুক উদ্ধাৰ কৰিবলৈ সক্ষম হয় । জানিব পৰা মতে কন্যা শিশুটিৰ শৰীৰত পোৱা গৈছে আঘাতৰ চিন । কি কাৰণত প্ৰবক্তা সঞ্জীৱ বাগলাৰীয়ে শিশুটিক নিজৰ ঘৰত ৰাখিছিল সেয়া এতিয়ালৈকে পোহৰলৈ অহা নাই যদিও এই ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ বঙাইগাঁও চহৰত । শিশু সুৰক্ষা বিভাগে এই সন্দৰ্ভত বঙাইগাঁও সদৰ আৰক্ষী থানাত প্ৰবক্তা সঞ্জীৱ বাগলাৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ।

লগতে পঢ়ক: শিশু নিৰ্যাতনৰ গোচৰ: শীঘ্ৰেই বিশেষ আদালতত হাজিৰ হ’ব লাগিব চিকিৎসক দম্পতী - Pocso Special Court

লগতে পঢ়ক: POCSO আদালতত শিশু নিৰ্যাতনৰ গোচৰ : শুনানিৰ পিছতে মূৰ্চ্ছা গ’ল বিতৰ্কিত চিকিৎসক ৱালিউল ইছলাম - Child Abuse Case in Guwahati

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.