নিপুন ভাস্কৰ্য শিল্পী ডাঃ জ্যোতিষ প্ৰসাদ চৌহানৰ দেহাৱসান - সৃষ্টিৰ আকৰ
🎬 Watch Now: Feature Video
Published : Mar 1, 2024, 8:51 PM IST
কলিয়াবৰ, 1 মাৰ্চ : পেচাত এজন চিকিৎসক আছিল তেওঁ ৷ কিন্তু তেওঁৰ নিচা আছিল সৃষ্টিশীল কামত ৷ আৰু সেই নিচাৰ বাবেই এৰি থৈ আহিছিল চৰকাৰী চাকৰি ৷ সাধাৰণ জনতাৰ বাবে সেৱা আগবঢ়াই যোৱা ডাঃ জ্যোতিষ প্ৰসাদ চৌহান অসম চাহ নিগমৰ দিজুভেলী চাহ বাগিচাত চিকিৎসক হিচাপে কৰ্মৰত আছিল । কলিয়াবৰ জখলাবন্ধাৰ সু-সন্তান ডাঃ জ্যোতিষৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছিল নিৰ্জীৱ কাঠৰ টুকুৰাই ।
ডাঃ চৌহানৰ সাধনালব্ধ ঐকান্তিক প্ৰচেষ্টাৰে সৃষ্ট প্ৰতিটো মূৰ্তিয়েই কয় কথা, প্ৰতিটো সৃষ্টিকৰ্মৰ মাজত প্ৰাণময় হৈছে ভাৰতীয় দৰ্শন । ৫১ বছৰীয়া চিকিৎসা সেৱাৰ সমান্তৰালকৈ শিল্প সাধনাৰ অবিৰত যাত্ৰাত ডাঃ জ্যোতিষ প্ৰসাদ চৌহান যেন এক স্বতন্ত্ৰ সৃষ্টিৰ আকৰ আছিল । তদানীন্তন উপ-ৰাষ্ট্ৰপতি কৃষ্ণকান্তৰ প্ৰশংসা বুটলিবলৈ সক্ষম হোৱা কাৰিকৰ ডাঃ জ্যোতিষ প্ৰসাদ চৌহানৰ নিপুণ হাতৰ পৰশত বাঙ্ময় হৈ উঠিছিল নিৰ্জীৱ কাঠৰ টুকুৰা ।
অৰুণাচল প্ৰদেশ, গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ লগতে অসমৰ বিভিন্ন স্থানত ডাঃ জ্যোতিষ প্ৰসাদ চৌহানৰ ভাস্কৰ্য প্ৰদৰ্শিত হৈছিল । শিল্পীগৰাকীৰ 'মইনাপলি কুঞ্জ' নামৰ এক পক্ষী উদ্যান আৰু সংগ্ৰহালয় স্থাপনৰ অন্তিম ইচ্ছা অপূৰ্ণ হৈ গ’ল । শিল্পীগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে গুণমুগ্ধসকলে ৷
লগতে পঢ়ক : কলিয়াবৰৰ বিমলা একাডেমীত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন