লোক নিৰ্মাণ বিভাগৰ মৰণফান্দ: চৰকাৰক সমালোচনা কংগ্ৰেছৰ - Dibrugarh Gammon Bridge

By ETV Bharat Assamese Team

Published : Aug 17, 2024, 10:09 PM IST

thumbnail
লোক নিৰ্মাণ বিভাগৰ মৰণফান্দ;চৰকাৰক সমালোচনা কংগ্ৰেছৰ (ETV Bharat)

মৰাণ, ১৭ আগষ্ট : ডিব্ৰুগড়ৰ জিলাৰ অতি ব্যস্ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত মৰণফান্দ পাতিছে লোক নিৰ্মাণ বিভাগে ! চৰকাৰৰ অৱহেলাৰ বাবে যিকোনো মুহূৰ্তত পথটোত যোগাযোগ বিচ্ছিন্ন হোৱাৰ উপক্ৰম হৈছে । কোটোহাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত থকা গেমন দলঙৰ ভগ্ন অংশ দীৰ্ঘদিনে মেৰামতি নোহোৱাত অতিষ্ঠ হৈছে সৰ্বসাধাৰণ ৰাইজ আৰু যাত্ৰী । উল্লেখ্য যে বুঢ়ীদিহিং নদীৰ ওপৰত থকা গেমন দলঙৰ এটা অংশ প্ৰায় ২ মাহ পূৰ্বে বানৰ সময়ত বহি গৈছিল ।

কিন্তু সেই অংশটো আজি পৰ্যন্ত মেৰামতি কৰা নহ'ল । তাৰ পৰিৱৰ্তে লোক নিৰ্মাণ বিভাগে সাধাৰণ প্লাষ্টিকৰ ড্ৰাম আৰু বালিৰ বস্তাৰে ঢাকি ৰখাৰ প্ৰয়াস কৰিছে । এনে পৰিস্থিতিত যিকোনো সময়তে তাত দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা কৰিছে যাত্ৰীসকলে । শনিবাৰে সেই স্থানত উপস্থিত হয় কংগ্ৰেছৰ এটা প্ৰতিনিধি দল । দলটোৱে দলংখনৰ বহি যোৱা অংশ পৰিদৰ্শন কৰে আৰু লোক নিৰ্মাণ বিভাগৰ অৱহেলাক তীব্ৰ সমালোচনা কৰে । মুখ্যমন্ত্ৰীৰ অধীনত থকা বিভাগটোৰ এনে কৰ্মকাণ্ডক গৰিহণা প্ৰদান কৰি কংগ্ৰেছে শীঘ্ৰে দলংখনৰ মেৰামতিৰ ব্যৱস্থা কৰিবলৈ দাবী জনায় ।

লগতে পঢ়ক :ৰাজ্যত বৃদ্ধি পাইছে আধাতে শিক্ষা জীৱন ত্যাগ কৰাৰ ছাত্ৰীৰ হাৰ - Women education in Assam

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.