গহপুৰত আকস্মিক বান, ছত্ৰং নৈয়ে উটুৱাই নিলে দলং - ASSAM FLOOD 2024 - ASSAM FLOOD 2024
🎬 Watch Now: Feature Video
Published : Jun 18, 2024, 1:38 PM IST
গহপুৰ, ১৮ জুন : ৰাজ্যত অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ-বৰাকৰ উপৰিও বিভিন্ন উপনৈৰ জলস্তৰ বৃদ্ধি পাইছে । যাৰ বাবে ৰাজ্যৰ ১৪ খন জিলা বানৰ কবলত পৰিছে । যোৱা দুদিন ধৰি নেৰা নেপেৰা বৰষুণৰ ফলত প্লাবিত হৈছে গহপুৰৰ বিভিন্ন অঞ্চল ।
অসমৰ কাষৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পাহাৰত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ফেনে-ফোটোকাৰে বৃদ্ধি পাইছে গহপুৰ ছত্ৰং আৰু ব্ৰহ্মজান নৈৰ জলপৃষ্ঠ । ইতিমধ্যে গহপুৰত পাহাৰীয়া খৰস্ৰোতা ছত্ৰং নৈৰ সোঁতে উটুৱাই নিলে এখন দলং। ফলত যোগাযোগ বিচ্ছিন্ন হৈছে কেইবাখনো গাঁৱত ।
আনফালে খৰস্ৰোতা ব্ৰহ্মজান নৈয়ে কেইবা ঠাইতো ছিঙিছে মথাউৰি । যাৰ ফলত কেইবাখনো গাঁও প্লাবিত হোৱাৰ উপৰিও ব্যাহত হৈছে যাতায়ত ব্যৱস্থা ৷
লগতে পঢ়ক: ৰাজ্যৰ ১৪ খন জিলা বানৰ কবলত, ১.০৫ লাখ লোক ক্ষতিগ্রস্ত - Assam Flood 2024