পানীৰ জুৱলিত গুলীবিদ্ধ বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ, দুস্কৃতিকাৰীয়ে কাটি নিলে শুৰ - Wild Elephant Body

By ETV Bharat Assamese Team

Published : Jul 31, 2024, 11:17 AM IST

thumbnail
দুস্কৃতিকাৰীয়ে কাটি নিলে হাতীৰ শুৰ (ETV Bharat Assam)

গোলাঘাট, ৩১ জুলাই: গোলাঘাট জিলাৰ কৌৱানী উপ বন কাৰ্যালয়ৰ অধীনৰ নামবৰ সংৰক্ষিত বনাঞ্চলত পানীৰ জুৱলিত এটা বন্যহস্তীৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হয় । স্থানীয় লোকে অভিযোগ উত্থাপন কৰি কয়, "কোনো দুস্কৃতিকাৰীয়ে বন্যহস্তীটোক গুলীয়াই হত্যা কৰিছে । হাতীটোৰ শুৰডাল দুস্কৃতিকাৰীয়ে কাটি নিছে ।"

মঙলবাৰে স্থানীয় এজন লোকে হাবিত শাক বিচাৰি যাওঁতে প্ৰত্যক্ষ কৰে হাতীৰ মৃতদেহটো । লগে লগে লোকজনে স্থানীয় বন বিভাগক খবৰ দিয়াত ঘটনাস্থলীত বন বিভাগ আৰু চিকিৎসকৰ দল উপস্থিত হৈ বন্যহস্তীটোৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ অন্তত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে ।

উল্লেখযোগ্য যে খাদ্যৰ সন্ধানত বিভিন্ন সময়ত বনাঞ্চলৰ পৰা ওলাই অহা বন্যহস্তীৰ জাকৰ ওপৰত একাংশ দুষ্টচক্ৰই আক্ৰমণ কৰাটো কোনো নতুন কথা কথা নহয় । ইয়াৰ উপৰি কিছুদিন পূৰ্বে নুমলীগড় শোধনাগাৰ নগৰাঞ্চলৰ ভিতৰত এটা বন্যহস্তীৰ মৃত্যু হৈছিল। তাৰ পাছতে বন বিভাগৰ লোকক খবৰ নিদিয়াকৈ গোপনে পুতি পেলাইছিল নগৰাঞ্চলৰ ভিতৰত । এই ঘটনা সন্দৰ্ভত নগৰাঞ্চলৰ দুজন বিষয়াক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হৈছে ।

লগতে পঢ়ক:নগাঁও-কাৰ্বি আংলং সীমান্তত পুনৰ বন্যহস্তীৰ মৃত্যু - Wil Elephant Dead

শুই থাকোঁতেই হাতীৰ গচকত প্ৰাণ গ’ল এজনৰ - WILD ELEPHANT MENACE

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.