লংনিট নদীত উদ্ধাৰ সন্ধানহীন ৰৌচনৰ মৃতদেহ - DEAD BODY RECOVERed

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Jun 18, 2024, 2:07 PM IST

ডিফু, 18 জুন : দুদিনযোৰা অভিযানৰ অন্তত উদ্ধাৰ হ'ল ডিফুৰ পানবাৰীৰ ৰৌচন বসুমতাৰী মৃতদেহ ৷ কাৰ্বি আংলং জিলাৰ মাঞ্জাৰ সমীপৰ শিলনী বনভোজ থলীৰ লংনিট নদীত উদ্ধাৰ হৈছে কিশোৰগৰাকীৰ মৃতদেহ ৷ ডিফু আৰু হোজাই এছডিআৰএফ আৰু বনবিভাগৰ লোকৰ যুটীয়া অভিযানত উদ্ধাৰ হৈছে মৃতদেহটো ৷

উল্লেখ্য যে, ডিফুৰ পৰা প্ৰায় 40 কিলোমিটাৰ নিলগৰ মাঞ্জা থানাৰ অধীনৰ বনভোজস্থলী চিলনী নৈত গা ধুৱলৈ গৈ দেওবাৰে বিয়লি নিৰুদ্দেশ হৈছিল কিশোৰগৰাকী ৷ তাৰ পিচতে নদীৰ কোবাল সোঁতে যুৱকজনে উটুৱাই লৈ গৈছিল ৷ কিশোৰগৰাকী নিখোজ হোৱাৰ ঘটনা প্ৰচাৰ হোৱা লগে লগে হুৱাদুৱা লাগে ৷

লগে লগে চিলনীৰ বন বিভাগৰ লোকে বিচাৰ-খোচাৰ কৰে যদিও কোনো সন্ধান লাভ কৰিবলৈ সক্ষম নহয় । মাঞ্জা থানাৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত কিশোৰগৰাকীক উদ্ধাৰৰ বাবে এছ ডি আৰ এফৰ সহায় লয় । তাৰ পিচতে সোমবাৰে এছ ডি আৰ এফৰ লোকে সন্ধানহীন কিশোৰগৰাকীৰ সন্ধান উলিয়াবলৈ লংনিট নদীত অভিযান আৰম্ভ কৰে আৰু অৱশেষত কিশোৰগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক: বিবাহিত আছিল নৃশংসতাৰ বলি কাৰ্বি পাহাৰৰ যুৱতীগৰাকী : নেপথ্যৰ কাৰণ কি ? - young girl shot dead in Diphu

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.