thumbnail

By ETV Bharat Assamese Team

Published : Jul 23, 2024, 5:58 PM IST

ETV Bharat / Videos

তিনিদিনে মৃতদেহ সৎকাৰ কৰিবলৈ নোলাল এজনো - Body not cremated for 3 days

নলবাৰী,২৩ জুলাই: নলবাৰী জিলাৰ মুকালমুৱাৰ বৰতলাত সংঘটিত হৈছে মানৱতাক ভূ-লুন্ঠিত কৰা এক ঘটনা । প্ৰায় তিনিদিন ধৰি নিজগৃহৰ ভিতৰতে অকলশৰে পৰি থাকিল এগৰাকী বৃদ্ধাৰ মৃতদেহ । মৃত মহিলাগৰাকীৰ নাম দেৱযানী ডেকা বুলি জানিব পৰা গৈছে । স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি কেইদিনমান পূৰ্বে ৮০ বছৰীয়া বৃদ্ধাগৰাকী ঢলি পৰাৰ ফলত আঘাতপ্ৰাপ্ত হৈ শয্যাগত হৈ আছিল । নিঃসন্তান মহিলাগৰাকীৰ নিকট আত্মীয়ই কোনো খবৰ লোৱা নাছিল বুলি অভিযোগ কৰে স্থানীয় লোকে ।

এনেদৰে অৱহেলিত হৈ মহিলাগৰাকীয়ে নিজগৃহতে মৃত্যুক আঁকোৱালি লয় । মৃত্যুৰ পিচতো মহিলাগৰাকীৰ মৃতদেহটো প্ৰায় তিনিদিন ধৰি নিজগৃহতে পৰি থকাৰ ফলত মৃতদেহটো উৱলি যোৱাৰ উপক্ৰম হয় । সোমবাৰে গাঁৱৰ লোকে মহিলাগৰাকীৰ মৃত্যু হোৱা বুলি গম পাই নিশা মুকালমুৱা আৰক্ষীক খবৰ দিয়ে । নিশা ঘটনাস্থলীত মুকালমুৱা আৰক্ষী উপস্থিত হৈ মহিলাগৰাকীৰ মৃতদেহটো পৰীক্ষা কৰি মঙলবাৰে পুৱাই মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । মহিলাগৰাকী এনেদৰে অৱহেলিত হৈ মৃত্যুমুখত পৰাৰ পিচতো মৃতদেহটো প্ৰায় তিনিদিন ধৰি পৰি থকা ঘটনাই জোকাৰি গৈছে অঞ্চলটোৰ ৰাইজক । 

লগতে পঢ়ক: ৰহস্যজনক পৰিস্থিতিত উদ্ধাৰ পশু চিকিৎসালয়ৰ নিৰুদ্দিষ্ট কৰ্মচাৰীৰ মৃতদেহ - Mysterious Death

একেদিনাই উদ্ধাৰ তিনিটা মৃতদেহ: থানাৰ শৌচালয়ত ওলাল কনিষ্টবলৰ মৃতদেহ - Three bodies found

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.