অখিল গগৈৰ কথাক মিঞাই গুৰুত্ব দিয়ে: দিলীপ শইকীয়া - DILIP SAIKIA SLAMS AKHIL GOGOI
🎬 Watch Now: Feature Video
Published : Nov 20, 2024, 5:01 PM IST
বাইহাটা : "অখিল গগৈৰ কথাক মূলসুঁতিৰ মানুহে গুৰুত্ব নিদিয়ে । মিঞাবিলাকে গুৰুত্ব দিয়ে । অখিল গগৈয়ে যি ক'ব মিঞা অঞ্চলত ইয়াৰ হয়তো অলপ চলপ প্ৰভাৱ পৰিব । বাকী অঞ্চলৰ খিলঞ্জীয়া মানুহে অখিল গগৈৰ কথাক গুৰুত্ব নিদিয়ে ।" এই মন্তব্য দৰং-ওদালগুৰি সমষ্টিৰ সাংসদ দিলীপ শইকীয়াৰ । অসম তথা কামৰূপ জিলাৰ ভিতৰতে এখন প্ৰাচীনতম ৰাস মহোৎসৱথলী বাইহাটাৰ কলমণিৰ পূৱ কছাৰী মহল শ্ৰীশ্ৰী কুৰ্মমাধৱ বাৰোৱাৰী ৰাস মহোৎসৱত উপস্থিত থাকি বুধবাৰে এই মন্তব্য কৰে সাংসদগৰাকীয়ে ।
ইয়াৰ উপৰিও উপ-নিৰ্বাচনৰ ফলাফলক লৈও ভৱিষ্যদ্বাণী কৰিলে সাংসদ দিলীপ শইকীয়াই । সাংসদগৰাকীৰ মতে উপ-নিৰ্বাচনত বিজেপি মিত্ৰজোঁট এন ডি এই উৎকৃষ্ট ফলাফল লাভ কৰিব । শইকীয়াৰ দাবী-"পাঁচোটা সমষ্টিতে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিব । কংগ্ৰেছ মিত্ৰজোঁট হ'ব শূন্য ।" তেওঁ লগতে কয় যে কেৱল চামগুৰিয়েই নহয়, আটাইকেইটা সমষ্টিয়ে বিজেপি মিত্ৰজোঁটে লাভ কৰিব । ইফালে ফলাফলৰ পিছতে বিজেপিয়ে এটা এটাকৈ প্ৰতিশ্ৰুতি পূৰণ কৰিব বুলিও তেওঁ মন্তব্য কৰে ।
লগতে পঢ়ক :ডাক্তৰ ! অখিল গগৈৰ পুৰণি বেমাৰ ধৰা পেলাইছে জয়ন্ত মল্লবৰুৱাই