জাগীৰোডৰ টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমি পূজন LIVE - Jagiroad Tata Semiconductor Project

By ETV Bharat Assamese Team

Published : Aug 3, 2024, 12:42 PM IST

Updated : Aug 3, 2024, 1:59 PM IST

thumbnail
পুনৰ প্ৰাণ পাব উদ্যোগনগৰী জাগীৰোডে ৷ আৰম্ভ হ’ল মৰিগাঁও জিলাৰ জাগীৰোডত টাটা কোম্পানীৰ প্ৰথমটো টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমি পূজন ৷ প্ৰকল্পৰ অধ্যক্ষ নটৰাজন চন্দ্ৰশেখৰন আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিত আছে এই ভূমি পূজন কাৰ্যসূচীত ৷ মুঠ প্ৰকল্প ব্যয় ধাৰ্য কৰা হৈছে 27000 কোটি টকা ৷ এই বৃহৎ ছেমিকণ্ডাক্টৰ প্ৰকল্পটোৱে 27000 লোকৰ প্ৰত্যক্ষ-প্ৰৰোক্ষ নিয়োগৰ সম্ভাৱনা কঢ়িয়াই আনিব বুলি দাবী অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ দৈনিক 48 মিলিয়ন চিপ উৎপাদনৰ সামৰ্থযুক্ত হ’ব প্ৰকল্পটো । ৰাজ্যত বিকাশ-উন্নয়নৰ যাত্ৰাত এই অভিলাষী টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পই বিশেষ ভূমিকা ল’ব বুলি আশা কৰা হৈছে । মুঠ ১৭০ একৰতকৈ অধিক ভূমি সামৰি লৈছে এই প্ৰকল্পই ৷
Last Updated : Aug 3, 2024, 1:59 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.