ওড়িশাত অসমৰ যুৱকক হানি খুচি হত্যা, দুই বন্ধুৱে হত্যা কৰাৰ সন্দেহ - youth brutally murder
🎬 Watch Now: Feature Video


Published : Feb 29, 2024, 3:42 PM IST
তিতাবৰ, 29 ফেব্ৰুৱাৰী : পেটৰ তাড়না বহিঃৰাজ্যলৈ কৰ্ম সংস্থাপন বিচাৰি যোৱা মেৰাপানীৰ এজন যুৱকক হানি খুচি হত্যা কৰাৰ জঘন্য ঘটনা পোহৰলৈ আহিছে ৷ যুৱকজনক লগৰ দুই সতীৰ্থই হত্যা কৰাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে ।
ঘটনাৰ বিৱৰণী অনুসৰি, যোৱা বুধবাৰৰ দিনা এই ভয়াবহ ঘটনা সংঘটিত হৈছে ৷ যোৱা ২৩ ফেব্ৰুৱাৰীত আঠখেলীয়াৰ বছা গাঁৱৰ পল্লৱ বৰুৱা আৰু প্ৰাঞ্জল বৰুৱা নামৰ দুই সতীৰ্থসহ বেংগালুৰুলৈ বুলি ফৰকাটিঙৰ পৰা ৰে’লযোগে গৈছিল আদৰ্শ গমাৰি গাঁৱৰ ভনকা চুতীয়া নামৰ যুৱকজন ।
কিন্তু যাত্ৰাপথত আদবাটতে তিনি যুৱকে হঠাতে ওড়িশাৰ এজন বন্ধুৰ ঘৰত নামি যোৱাৰ সিদ্ধান্ত লৈ ৰে’লৰ পৰা নামি দিয়ে । দুটা দিন ওড়িশাৰ বন্ধুৰ ঘৰত অতিবাহিত কৰাৰ পাচতে ভনকা চুতীয়া নামৰ যুৱকজনে পৰিয়ালৰ লোকক তেওঁক দুই সতীৰ্থই হত্যা কৰিবলৈ লোৱা বুলি ফোনযোগে অৱগত কৰি প্ৰাণৰক্ষাৰ কাতৰ আহ্বান জনায় ।
ভনকাই তেওঁক উদ্ধাৰ কৰাৰ বাবে পৰিয়ালৰ লোকক ফোন কৰাৰ ক’ল ৰেৰ্কডিঙত সকলো কথা স্পষ্ট হৈ পৰিছিল । ইয়াৰ পাচতেই বুধবাৰে ওড়িশা আৰক্ষীয়ে ভনকা চুতীয়াৰ মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকক খবৰ দিয়াৰ লগতে তেওঁৰ মৃতদেহৰ ফটো প্ৰেৰণ কৰে । এই খবৰ লাভ কৰাৰ পাচতেই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় দৰিদ্ৰ পৰিয়ালটোত । ইফালে মৃত ভনকা চুতীয়াৰ পৰিয়ালে মৃতদেহটো নিজ ঘৰলৈ অনাৰ সন্দৰ্ভত অসম চৰকাৰক আহ্বান জনোৱাৰ লগতে দোষী দুই ব্যক্তিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত মেৰাপানী আৰক্ষীৰ কাষ চাপিছে ৷
লগতে পঢ়ক: গৃহৰক্ষী জোৱান ৰাতুল গগৈৰ মৃত্যুক কেন্দ্ৰ কৰি দুলীয়াজান আৰক্ষী থানাৰ সন্মুখত উত্তপ্ত পৰিস্থিতি