এজাক বৰষুণত গুৱাহাটী পৰিণত হ’ল মহাসমুদ্ৰত - Artificial flood in guwahati - ARTIFICIAL FLOOD IN GUWAHATI
🎬 Watch Now: Feature Video


Published : May 6, 2024, 10:46 PM IST
গুৱাহাটী, ৬ মে’: মহানগৰীত অন্ত পৰা নাই কৃত্ৰিম বানৰ সমস্যাৰ । এজাক বৰষুণতেই উটি যায় মহানগৰীৰ অভিজাত্য । কৃত্ৰিম বানত কৱলত পৰি পুনৰ জলমগ্ন হ’ল গুৱাহাটী ৷ দেওবাৰৰ পৰা অহা বৰষুণৰ ফলত পুনৰ কৃত্ৰিম বানৰ কৱলত পৰে মহানগৰীৰ বিভিন্ন অঞ্চল । মহানগৰীৰ কেইবাটাও মূল পথৰ লগতে পাঞ্জাবাৰী বতাহগুলিৰ ৰাজপথ এতিয়া ভৰি পৰিছে পানীৰে । যাৰ ফলত এতিয়া যমৰ যান্ত্ৰণাত ভুগিছে বতাহগুলিবাসী ৰাইজে ।
এই ৰাজপথেৰে বিদ্যালয়লৈ অহা যোৱা কৰে শিক্ষাৰ্থীয়ে । অঞ্চলটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ পথ জলমগ্ন হৈ পৰাত শিক্ষাৰ্থীৰ লগতে সাধাৰণ জনতাই পানীৰ মাজেৰে যাতায়ত অব্যাহত ৰাখিব লগা হৈছে । নলা নৰ্দমাৰ সুচল ব্যৱস্থা নথকাৰ বাবেই জলমগ্ন হয় এই ৰাজপথ তথা অঞ্চল । কাইলৈ অৰ্থাৎ মঙলবাৰে ৰাজ্যৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ । এনে অৱস্থাত যদি কাইলৈ অঞ্চলটোত পানীৰে উপচি থাকে তেনেহ’লে প্ৰাপ্তবয়স্ক লোকসকলৰ ভোটদানত যথেষ্ট অসুবিধাৰ সৃষ্টি হ’ব ।
লগতে পঢ়ক: Artificial Flood in Guwahati : আজিও জলমগ্ন গুৱাহাটী মহানগৰীৰ বহু অঞ্চল