অংগনৱাড়ী কৰ্মীৰ প্ৰতিবাদত উত্তাল জোনাই - Assembly session
🎬 Watch Now: Feature Video
Published : Feb 17, 2024, 10:04 PM IST
জোনাই, ১৭ ফেব্ৰুৱাৰী: সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ জোনাইতো জোনাই সংহত শিশু উন্নয়ন প্ৰকল্প কাৰ্যালয়ৰ চৌহদত জোনাই মূৰ্কংচেলেক প্ৰকল্প, অসম ৰাজ্যিক অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সকলে মাননি বৃদ্ধিৰ দাবীত শনিবাৰৰ পৰা অনিৰ্দিষ্টকালীন অসহযোগ , ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰিছে । অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সকলে সন্মুখীন হৈ অহা সমস্যাসমূহ সমাধানৰ দাবীত বিভিন্ন সময়ত দাবী জনাই আহিছে । কিন্তু ইয়াৰ পাছতো অসম চৰকাৰে অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সকলৰ মাননি বৃদ্ধিৰ বাবে বিধানসভাৰ বাজেট অধিৱেশনত উত্থাপন নকৰা বাবে এই অনিৰ্দিষ্টকালীন অসহযোগ ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰা বুলি কয় প্ৰতিবাদকাৰী সকলে ।
ইফালে, যদিহে অসম চৰকাৰে অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সকলৰ দীৰ্ঘদিনীয়া দাবীসমূহ মানি নলয় তেন্তে সকলো কৰ্মীয়ে চৰকাৰী কাম-কাজৰ পৰা বিৰত থাকি অনিৰ্দিষ্টকালীন আন্দোলনৰ হুংকাৰ দিয়ে । শতাধিক অংগনৱাড়ী কৰ্মী আৰু সহায়িকাই হাতে হাতে প্লে কাৰ্ড লৈ ৰূপায়ন কৰা এই অনিৰ্দিষ্টকালীন অসহযোগ ধৰ্ণা কাৰ্যসূচীত ' বিজেপি চৰকাৰ হায় হায়', 'ভোট আমি বৰ্জন কৰিম',' মাননি বৃদ্ধি কৰক', 'অজন্তা নেওগ হায় হায় 'আদি বিভিন্ন শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ।
লগতে পঢ়ক:অংগনৱাড়ী কৰ্মী-সহায়িকাৰ মুখত বিজেপি চৰকাৰ গ’ বেক ধবনি