৩ দিনৰ আৰক্ষীৰ জিম্মাত তাৰ্কিক বৰাৰ ভাতৃ অম্লান বৰা - Online Trading Scam

By ETV Bharat Assamese Team

Published : Sep 14, 2024, 9:27 PM IST

thumbnail
৩ দিনৰ আৰক্ষীৰ জিম্মাত তাৰ্কিক বৰাৰ ভাতৃ অম্লান বৰা (ETV Bharat Assam)

ডিব্ৰুগড়, ১৪ ছেপ্টেম্বৰ : প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত এজনৰ পিছত আনজনক জেৰা চলোৱা হৈছে ডিব্ৰুগড় সদৰ থানাত । ২২ বছৰীয়া বিশাল ফুকনক অনলাইন ট্ৰেডিঙৰ দ্বাৰা কোটি কোটি টকা প্ৰৱঞ্চনা কৰা অভিযোগত আৰক্ষীয়ে আটক কৰা পিছতে নৃত্য শিল্পী চুমী বৰা আৰু তেওঁৰ ফটোগ্ৰাফাৰ স্বামী তাৰ্কিক বৰাক বৃহস্পতিবাৰে STF এ আটক কৰি ডিব্ৰুগড় সদৰ আৰক্ষীক গতাই দিয়ে ।

বৃহস্পতিবাৰৰ পৰা চুমী-তাৰ্কিকক ডিব্ৰুগড় সদৰ আৰক্ষীয়ে নিজৰ জিম্মাত লৈ জেৰা অব্যাহত ৰাখিছে ৷ ইয়াৰ মাজতে শুকুৰবাৰে নিশা গুৱাহাটীৰ পৰা CIDৰ এটা দলে তাৰ্কিক বৰাৰ ভাতৃ অম্লান বৰাক ডিব্ৰুগড়ৰ সদৰ থানালৈ লৈ আনে । নিশা তিনিজনকে চি আই ডিৰ এছ পি সুধাকৰ সিঙৰ লগতে আৰক্ষীৰ কেবাজনো শীৰ্ষ বিষয়াই পৃথকে পৃথকে জেৰা চলায় । জেৰাত তিনিওজনৰ পৰা কি তথ্য আৰক্ষীয়ে লাভ কৰিছে সেই কথা জানিবলৈ দিয়া নাই যদিও আৰক্ষীৰ সূত্ৰ মতে কোন কোন লোকে কিমান ধন বিশাল ফুকনক দিছিল তাৰ তথ্য বিচাৰিছে চুমী-তাৰ্কিকৰ পৰা ।

ইয়াৰ সমান্তৰালভাৱে শনিবাৰে বিয়লি আদালতত হাজিৰ কৰোৱা হয় অম্লান বৰাক । ডিব্ৰুগড় আদালতে তিনিদিনৰ আৰক্ষীৰ জিম্মাত দিয়ে অম্লানক । ডিব্ৰুগড় সদৰ আৰক্ষীয়ে পাঁচদিনৰ জিম্মাত বিচাৰিছিল যদিও তিনিদিনৰহে অনুমতি দিয়ে আদালতে । উল্লেখ্য যে চুমী-তাৰ্কিকক পলায়নত সহায় কৰাৰ অভিযোগত অম্লান বৰাক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : ককায়েক-বৌয়েকৰ সৈতে ডিব্ৰুগড় সদৰ থানাৰ অতিথি অম্লান !

গৃহ বিভাগৰ দায়িত্ব মোক দিয়ক, এদিনতে ছিণ্ডিকেট-ট্ৰেডিঙৰ মূল ব্যক্তিক ধৰি দিম : গৌৰৱ গগৈ

মুখ্যমন্ত্ৰী আৰু তেওঁৰ ঘনিষ্ঠ মন্ত্ৰীৰ ব্যক্তিত্ব চাই এতিয়া সকলোৱে 'ইজি মানী' বিচাৰে : গৌৰৱ গগৈ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.