চৰকাৰী প্ৰ-পত্ৰ পূৰণৰ নামত ধন লোৱাৰ অভিযোগ জীৱিকা সখীৰ বিৰুদ্ধে - Women Empowerment

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Feb 27, 2024, 11:58 AM IST

বঢ়মপুৰ, 27ফেব্ৰুৱাৰী:  মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ প্ৰ-পত্ৰ পূৰণৰ নামত ধন লোৱাৰ অভিযোগ । তেতিলীসৰা পঞ্চায়তত সংঘটিত হৈছে এই ঘটনা । মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ প্ৰ-পত্ৰ পূৰণৰ নামত প্ৰতিগৰাকী মহিলাৰ পৰা 100 টকাকৈ লোৱাৰ অভিযোগ উত্থাপিত হৈছে পঞ্চায়তৰ জীৱিকা সখী নিলম বৰাৰ বিৰুদ্ধে । 

উল্লেখ্য যে, জীৱিকা সখী নিলম বৰাই স্বামীসহ দুই তিনিজন লোকক মহিলাসকলৰ পৰা প্ৰ-পত্ৰ পূৰণৰ নামত 100 টকাকৈ সংগ্ৰহ কৰাইছে বুলি জানিবলৈ দিয়ে মহিলাসকলে । ধন লোৱাৰ পিচতো প্ৰ-পত্ৰবোৰ ভুলকৈ পূৰণ কৰাত‌ এতিয়া বিপাঙত পৰিছে মহিলাসকল । আনহাতে, প্ৰ-পত্ৰবোৰ ভুলকৈ পূৰণ কৰা হৈছে বুলি জীৱিকা সখীগৰাকীক অৱগত কৰাত ভুল হ’লেও একো অসুবিধা নহয় বুলি জীৱিকা সখীগৰাকীয়ে জনোৱা বুলি কয় মহিলাসকলে । 

উল্লেখ্য যে, পূৰ্বতেও নিলম বৰাৰ বিৰুদ্ধে ধন লোৱাৰ অভিযোগ উত্থাপিত হৈছে । এইক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে মহিলাসকলে ।

লগতে পঢ়ক: টকা 10 হাজাৰ দিব মুখ্যমন্ত্ৰীয়ে: কেৱল হিচাপ মিলিব লাগিব সন্তানৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.