ডুমডুমাত খৰি চুৰিয়েই কাল হ'ল এজন লোকৰ - Murder In Tinsukia

By ETV Bharat Assamese Team

Published : May 19, 2024, 8:12 PM IST

thumbnail
মৰিয়াই মৰিয়াই হত্য়া (ETV BHARAT ASSAM)

তিনিচুকীয়া, ১৯ মে’: জীৱশ্ৰেষ্ঠ মানৱৰ অমানবীয় কৰ্মকাণ্ডই প্ৰফলিত কৰিছে নিষ্ঠুৰতাৰ ছবি । শনিবাৰে তিনিচুকীয়া জিলাৰ ডুমডুমাত সংঘটিত এক নৃশংস কাণ্ডই এই ভয়াৱহ ছবি এখনৰেই প্ৰতিফলন ঘটালে । খৰি চুৰিৰ অভিযোগত পদুম ঘাটোৱাৰ নামৰ এজন যুৱকে মৰিয়াই মৰিয়াই লোক এজনৰ প্ৰাণ কাঢ়ি নিয়াৰ অভিযোগ উত্থাপিত হৈছে ।

জিলাখনৰ ডুমডুমাৰ টিপুক চাহ বাগিচাত শনিবাৰে নিশা লক্ষ্মণ গুৰুং নামৰ লোকজনক প্ৰতিবেশীৰ চোতালৰ পৰা খৰি চুৰি কৰাৰ অভিযোগত নিৰ্মমভাৱে মাৰপিট কৰে । ইয়াৰ পিচতেই লক্ষ্মণ গুৰুঙক মুমুৰ্ষু অৱস্থাত ডুমডুমা এফ আৰ ইউ চিকিৎসালয়লৈ নিয়া হয় যদিও লোকজনক চিকিৎসকে মৃত বুলি ঘোষণা কৰে ।  

পৰৱৰ্তী সময়ত আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । এই সন্দৰ্ভত ভুক্তভোগীৰ পৰিয়ালৰ লোকো ডুমডুমা আৰক্ষী থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে নিশাই অভিয়ুক্ত পদুম ঘাটোৱাৰক গ্ৰেপ্তাৰ কৰে ।   

 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.