সদৌ তিৱা ছাত্ৰ সন্থাৰ 35 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

By ETV Bharat Assamese Team

Published : Feb 25, 2024, 7:43 PM IST

thumbnail

মৰিগাঁও, 25 ফেব্ৰুৱাৰী : দেওবাৰে মৰিগাঁৱৰ গণেশ সেনাপতি ভৱনত 35 খন পতাকা উত্তোলন কৰি দিনযোৰা কাৰ্যসূচীৰে সদৌ তিৱা ছাত্ৰ সন্থাৰ 35 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় ৷ এই কাৰ্যসূচীত লোকসভা নিৰ্বাচন 2024 ৰ পূৰ্বে তিৱা, ৰাভা, মিচিং স্বায়ত্তপৰিষদক চৰকাৰে ঘোষণা কৰা সাংবিধানিক মৰ্যাদাত থাকিবলগীয়া সুবিধা, অসুবিধাসমূহৰ বিষয়ে ৰাজহুৱা কৰিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনায় । ইয়াৰ উপৰিও প্ৰতিষ্ঠা দিৱসথলীৰ পৰা কংগ্ৰেছ চৰকাৰৰ দিনত তিৱা ভাষাৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ দাবী উত্থাপন কৰে ৷ লগতে 2024 চনৰ শিক্ষাবৰ্ষৰ অনুসৰি ছয় জনগোষ্ঠীৰ ভাষা শিক্ষক নিযুক্ত দিয়াৰ দাবী উত্থাপন কৰে সদৌ তিৱা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰশান্ত মছৰঙে ৷

এই বিশেষ দিৱসৰ উপলক্ষে সদৌ তিৱা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয় গণেশ সেনাপতি ভৱনত পয়ত্ৰিছ খনকৈ পতাকা উত্তোলন, বন্তি প্ৰজ্বলন কৰে সদৌ তিৱা ছাত্ৰ সন্থাৰ সভাপতি অনিৰুদ্ধ মিথিয়ে । শ্বহীদ তৰ্পনকে আদি কৰি প্ৰতিষ্ঠা দিৱস কাৰ্যসূচী আঁত ধৰে সদৌ তিৱা ছাত্ৰ সন্থাৰ সম্পাদক প্ৰশান্ত মছৰঙে । 

লগতে পঢ়ক: লখিমপুৰত হ্ৰাস ধানৰ উৎপাদন, বৃদ্ধি ছন পৰা ভূমিৰ পৰিমাণ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.