ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ সময়তে মৰাণ ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ: আৰক্ষীৰ সৈতে হতাহতি প্ৰতিবাদকাৰীৰ - MORAN STUDENTS UNION PROTEST

By ETV Bharat Assamese Team

Published : Aug 15, 2024, 2:08 PM IST

thumbnail
মৰাণ ছাত্ৰ সন্থাৰ প্ৰতিবাদ (ETV Bharat Assam)

তিনিচুকীয়া, ১৫ আগষ্ট: তিনিচুকীয়াত শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণে ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ সময়তে নিচেই কাষতে সদৌ মৰাণ ছাত্ৰ সন্থাই ক’লা বেজ পৰিধান কৰি সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷ প্ৰতিবাদৰ সময়ত আৰক্ষী, অৰ্ধ-সামৰিক বাহিনীৰ এটা বৃহৎ দলে প্ৰতিবাদকাৰীসকলক বাধা প্ৰদান কৰাৰ চেষ্টা কৰে যদিও বেৰিকেড ভাঙি আগুৱাই গৈছিল প্ৰতিবাদী সমদলটো ৷

তিনিচুকীয়াৰ বৰগুৰিস্থিত চৰকাৰী উদ্যোগিক প্ৰতিষ্ঠানৰ খেলপথাৰত তিনিচুকীয়া জিলা প্ৰশাসনে আয়োজন কৰিছিল স্বাধীনতা দিৱসৰ কাৰ্যসূচী ৷ মৰাণ জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰা আৰু ষষ্ঠ অনুসূচীমৰ্মে স্বায়ত্ত শাসন প্ৰদানৰ দাবীত সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷ উক্ত প্ৰতিবাদৰ জৰিয়তে শাসকীয় চৰকাৰখনৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ অনতিপলমে এই দাবী পূৰণ নকৰিলে অনাগত দিনত তীব্ৰ প্ৰতিবাদ গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে মৰাণ ছাত্ৰ সন্থাৰ কাৰ্যকৰ্তাসকলে ৷

লগতে পঢ়ক: স্বাধীনতা দিৱস উপলক্ষে ভাৰত চৰকাৰৰ সেৱা পদক ঘোষণা : অসম আৰক্ষীৰ ২২ গৰাকীলৈ পদক - INDEPENDENCE DAY 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.