এম্বুলেন্স সেৱাৰ নামত অনিয়মৰ অভিযোগ : সদৌ অসম ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ - protest in Guwahati

By ETV Bharat Assamese Team

Published : Jul 1, 2024, 5:08 PM IST

thumbnail
সদৌ অসম ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ (ETV BHARAT ASSAM)

গুৱাহাটী, 1 জুলাই : সদৌ অসম 108 মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ ৷ অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ 108 এম্বুলেন্স সেৱা নিয়ন্ত্ৰণকাৰী প্ৰতিষ্ঠান EMRI GREEN HEALTH SERVICE নামৰ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে সোমবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কৰ্মচাৰীসকলে ৷ প্ৰতিষ্ঠানটোৰ মহানগৰীৰ লখৰাস্থিত মুখ্য কাৰ্যালয়ৰ সন্মুখত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে প্ৰতিবাদকাৰীসকলে ৷  

প্ৰতিষ্ঠানটোৱে দীৰ্ঘদিন ধৰি 108 এম্বুলেন্স সেৱাৰ নামত চলোৱা অনিয়মৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰে কৰ্মচাৰীসকলে ৷ কৰ্মচাৰীসকলৰ দাবী অনুসৰি তেওঁলোকে পাবলগীয়া সুবিধাসমূহ নোপোৱাৰ উপৰিও জনসাধাৰণ এই সেৱাৰ উপযুক্ত সা-সুবিধাৰ পৰা বঞ্চিত হোৱা বুলি অভিযোগ কৰে তেওঁলোকে ৷ লগতে প্ৰতি মাহৰ প্ৰথম সপ্তাহত দৰমহা আদায় দিয়াৰো দাবী কৰে কৰ্মচাৰীসকলে ৷  

প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে চৰকাৰে দিয়া ধন অপব্যয় কৰাৰ অভিযোগ কৰিছে কৰ্মচাৰীসকলে ৷ অভিযোগ অনুসৰি বৰ্তমানসময়ত 108 মৃত্যুঞ্জয় সেৱাৰ এম্বুলেন্সসমূহত নাই পৰ্যাপ্ত পৰিমাণৰ সা-সুবিধা আৰু সজুঁলি ৷ সেয়েহে প্ৰতিষ্ঠানটোক নাকী লগাবলৈ চৰকাৰক দাবী জনাইছে সদৌ অসম 108 মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাই ৷ লগতে প্ৰতিবাদকাৰীসকলৰ কয় যে 108 মৃত্যুঞ্জয় সেৱাৰ দৰে চৰকাৰৰ মহৎ উদ্দেশ্যৰ বিপৰীতে গৈ প্ৰতিষ্ঠানটোৱে এতিয়া সেৱাৰ ক্ষেত্ৰত মইমতালি কৰিছে ৷ নিশাৰ ভাগত পৰ্যাপ্ত পৰিমাণে উপলব্ধ নাথাকে এম্বুলেন্স ৷ এই সকলো বিষয়ত নজৰ দিবলৈ অসম চৰকাৰৰ স্বাস্থ্য বিভাগক দাবী জনাই প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়ক : মাৰ্কশ্বীট কেলেংকাৰী : উচ্চ পৰ্যায়ৰ তদন্তৰ দাবীত বিশ্ববিদ্যালয়ৰ আছুকে ধৰি স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ - MARKSHEET SCAM

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.