জনজাতিকৰণৰ দাবীত মন্ত্ৰী-বিধায়কৰ ঘৰৰ সন্মুখত আন্দোলনৰ কাৰ্যসূচী ঘোষণা আক্ৰাছুৰ - AKRASU DEMAND ST STATUS

By ETV Bharat Assamese Team

Published : Jul 27, 2024, 10:25 PM IST

thumbnail
আক্ৰাছুৰ সংবাদমেল (ETV Bharat Assam)

তিনিচুকীয়া, ২৭ জুলাই: তিনিচুকীয়াত শনিবাৰে আক্ৰাছুৰ এখনি বৰ্ধিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় ৷ তিনিচুকীয়াৰ বিষ্ণুজ্যোতি সংগীত মহাবিদ্যালয়ত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাৰ পাচতে সংগঠনটোৰ উক্ত সভাত গ্ৰহণ কৰা সিদ্ধান্তসমূহ সংবাদমেলযোগে ঘোষণা কৰে আক্ৰাছুৰ নেতৃত্বই ৷  

আক্ৰাছুৰ নেতৃত্বই এই সন্দৰ্ভত কয়," অচিৰেই কোচ-ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত ৰাজ্যৰ বিধায়ক,মন্ত্ৰীৰ ঘৰৰ সন্মুখত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব আক্ৰাছুৱে ৷ শাসকীয় দলে কোচ-ৰাজবংশী জনগোষ্ঠীৰ তিনিজন বিধায়কক কেৱল টিকট দি দায়িত্ব সামৰিছে ৷ গতিকে এ আই ইউ ডি এফে কোচ ৰাজবংশী জনগোষ্ঠীৰ নেতাক টিকট প্ৰদান কৰিলেও সমৰ্থন জনাব আক্ৰাছুৱে ৷"

আক্ৰাছুৰ নেতৃত্বই লগতে কোচ-ৰাজবংশীৰ বাবে গঠিত কমতাপুৰ স্বায়ত্তশাসিত পৰিষদখন তিনি-চাৰিখন জিলাতে সামৰি নাৰাখি উপগ্ৰহীয় ব্যৱস্থাৰে সমগ্ৰ অসমতে বাহাল কৰাৰ দাবী জনায় ।  আক্ৰাছুৰ নেতৃত্বই কয়,"কোচ-ৰাজবংশী জনগোষ্ঠীৰ লোকসকলক জনজাতীয় আৱেষ্টনীৰ লগতে নতুনকৈ বনাঞ্চল ঘোষণা কৰা অঞ্চলৰ বিশেষ সংৰক্ষিত শ্ৰেণীৰ মৰ্যাদা প্ৰদান কৰিব লাগিব ৷ " কোচ-ৰাজবংশী জনগোষ্ঠীৰ ইতিহাস জড়িত থকা প্ৰাচীন কীৰ্তিচিহ্নসমূহ সংৰক্ষণৰ ক্ষেত্ৰত ব্যৱস্থা ল'বলৈ সংবাদমেলৰ জৰিয়তে দাবী জনাই আক্ৰাছুৱে ।  

লগতে পঢ়ক:মৰাণ জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত ধাৰাবাহিক কাৰ্যসূচী ঘোষণা সদৌ মৰাণ ছাত্ৰ সন্থাৰ - Moran Students Union Press Meet

জনজাতিকৰণৰ দাবীত আক্ৰাছুৰ সংবাদমেল - AKRASU press conference in bijni

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.