thumbnail

বিজেপিত দুই নম্বৰী কংগ্ৰেছী কেইজনহে থাকিব : অখিল গগৈ - Akhil Gogoi slams BJP

By ETV Bharat Assamese Team

Published : Jul 17, 2024, 7:10 PM IST

কলগাছিয়া,১৭ জুলাই: কলগাছিয়াত গৰাখহনীয়া পৰিদৰ্শন কৰি বিজেপিক তীব্ৰ সমালোচনা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ । ২০২৬ চনত অসমত সকলোৱেই বিজেপিৰ পৰাই ওলাই আহিব বুলি মন্তব্য কৰে । গগৈয়ে কয়,"অসমৰ নদী গৱেষণাৰ মাটি লৈ দুই নম্বৰী কৰি বিজেপি নিৰ্মাণ কৰা প্ৰাসাদোপাম অট্টালিকাত বহিবলৈ এজন চকীদাৰো নাথাকিব । এজন এজনকৈ বিজেপিৰ সকলো নিষ্ঠাবান কৰ্মীয়ে ২০২৬ ৰ ভিতৰত বিজেপি খালী কৰি গুচি যাব ।"  

মুখ্যমন্ত্ৰীক কটাক্ষ কৰি অখিল গগৈয়ে কয়, "হিমন্ত বিশ্ব শৰ্মাৰ দৰে পুৰণি দুই নম্বৰী কংগ্ৰেছী কেইজনহে বিজেপিত থাকিব । যিসকলে কংগ্ৰেছকো ডুবাইছিল সেইকেইজনহে থাকিব । কংগ্ৰেছৰ ভ্ৰষ্টাচাৰ দেখি বিজেপিত যোগদান কৰা সকলো বিজেপি খালী কৰি ওলাই আহিব ।" উপ-নিৰ্বাচনত কংগ্ৰেছে অকলে নিৰ্বাচন খেলিলে বিজেপিক সুবিধা কৰি দিয়া হ'ব আৰু তাৰ প্ৰভাৱ ২০২৬ ৰ নিৰ্বাচনত পৰিব বুলি কয় গগৈয়ে ।

লগতে পঢ়ক: ৰাজ্যিক বিজেপি এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ প্ৰাইভেট লিমিটেড কোম্পানী : অখিল গগৈ - PRESS MEET OF AKHIL GOGOI

উপ-নিৰ্বাচনত বিৰোধী ঐক্যমঞ্চৰে মিত্ৰতা সন্দৰ্ভত কি ক'লে ভূপেন বৰাই - APCC president Bhupen Bora

অসমৰ বান পৰিস্থিতিক লৈ চৰকাৰক তীব্ৰ সমালোচনা অখিল গগৈৰ - Assam Flood 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.