thumbnail

By ETV Bharat Assamese Team

Published : Mar 15, 2024, 8:52 PM IST

ETV Bharat / Videos

নিজৰ গাদী বচাব নোৱৰা সৰ্বানন্দ সোনোৱালক ৰাইজে ভোট নিদিয়ে : লুৰীণজ্যোতি

তিনিচুকীয়া, ১৫ মাৰ্চ: বিৰোধী ঐক্যমঞ্চৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা দলীয় টিকট লাভ কৰাৰ পাচতে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে আজি সন্ধিয়া প্ৰথমবাৰৰ বাবে উপস্থিত হয় তিনিচুকীয়াত ৷ তিনিচুকীয়াত উপস্থিত হৈ কালী মন্দিৰত সেৱা লৈ লাইপুলিস্থিত বাসগৃহলৈ ৰাওনা হয় লুৰীণজ্যোতি গগৈয়ে ৷ সেৱা লৈ বহুজন শুভাকাংক্ষীৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে বাৰ্তালাপ কৰে লুৰীণজ্যোতি গগৈয়ে  ৷

সমান্তৰালভাৱে, ডিব্ৰুগড় লোকসভা সমষ্টিৰ ৰাইজে জাতিক প্ৰতাৰণা কৰা মানুহক ভোট নিদিয়ে বুলি কয় লুৰীণজ্যোতি গগৈয়ে । বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ পৰা মুখ্যমন্ত্ৰী হোৱাৰ পাচতে ডিব্ৰুগড় লোকসভা সমষ্টিবাসীয়ে একো নাপালে বুলি কটাক্ষ কৰি লুৰীণজ্যোতি গগৈয়ে কয়,"নিজৰ গাদী বচাব নোৱৰা এজনক ৰাইজে কেতিয়াও ভোট নিদিয়ে, গতিকে আমাৰ জয় নিশ্চিত ।"

লগতে পঢ়ক:‘অসমবাসীয়ে বিচৰা ধৰণে হ’ব সকলো খবৰ’ বুলি বৃহস্পতিবাৰৰ নিশা কিয় ক’লে লুৰীণে?    

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.