ধেমাজি অসামৰিক চিকিৎসালয়ৰ কদৰ্যময় ৰূপ, আছুৰ ক্ষোভ - Dhemaji Civil Hospital

By ETV Bharat Assamese Team

Published : Jun 23, 2024, 9:39 PM IST

thumbnail
চিকিৎসালয়ৰ কদৰ্যময় পৰিৱেশক লৈ সৰব আছু নেতৃত্ব (ETV BHARAT ASSAM)

ধেমাজি, 23 জুন : ধেমাজি অসামৰিক চিকিৎসালয়ৰ কদৰ্যময় পৰিৱেশক লৈ সৰব আছু নেতৃত্ব ৷ শনিবাৰে ধেমাজি জিলা ছাত্ৰ সন্থাৰ এটি সঁজাতি দলে ধেমাজি অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰি ৰোগীসকলৰ অভাৱ আৰু সমস্যাসমূহৰ বিষয়ে বুজ লয় ৷ ধেমাজি অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰি ইয়াৰ কদৰ্যময় পৰিৱেশ দেখি চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে সৰব হৈ পৰে আছু নেতৃত্ব ৷  

পৰিদৰ্শন কালত দলটোৱে চিকিৎসালয়খনত পৰ্যাপ্ত পৰিমাণৰ ঔষধ, সকলো বিভাগৰ চিকিৎসক, প্ৰয়োজনীয় চিকিৎসা সামগ্ৰী, খোৱা পানী আদিৰ সু-ব্যৱস্থা কৰিবলৈ দাবী জনায় ৷ ইফালে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ দায়িত্ব লোৱা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক চিকিৎসালয়খন পৰিদৰ্শন কৰি সমস্যাসমূহ দূৰ কৰিবলৈ দাবী জনাইছে সংগঠনটোৱে ৷ উল্লেখ্য যে, বাৰিষাৰ সময়ত বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাৰ সময়ত ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ আমূল পৰিৱৰ্তনৰ নামত এনে পয়ালগা ফোপোলা স্বৰূপ নিসন্দেহে চিন্তনীয় ৷

লগতে পঢ়ক : পৰিবহন নিগমৰ বাছ আস্থানসমূহ পুনৰ উজ্জীৱিত কৰাৰ আশ্বাস পৰিবহন মন্ত্ৰী কেশৱ মহন্তৰ - Transport Minister Keshab Mahanta

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.