অধিকাৰ বিচাৰি দিল্লীত আমছুৰ ধৰ্ণা কাৰ্যসূচী - Aamsu dharna in Delhi

By ETV Bharat Assamese Team

Published : Sep 12, 2024, 10:50 PM IST

thumbnail
অধিকাৰ বিচাৰি দিল্লীত আমছুৰ ধৰ্ণা কাৰ্যসূচী (ETV Bharat Assam)

ধিং, ১২ ছেপ্টেম্বৰ: আমাৰ অধিকাৰ আমাৰ লাগিবই, সংখ্যালঘু ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰা নচলিব, অমানৱীয় উচ্ছেদ বন্ধ কৰক, ধিংকাণ্ডৰ চি বি আই তদন্ত লাগে ইত্যাদি শ্লোগানেৰে বৃহস্পতিবাৰে দিল্লীৰ যন্তৰ-মন্তৰ উত্তাল কৰি তোলে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে ৷ অসমৰ জলন্ত সমস্যা বান-খহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিয়াৰ লগতে সংখ্যালঘুৰ নিৰাপত্তা, সংখ্যালঘুৰ ছাত্ৰ-ছাত্ৰীৰ বন্ধ কৰা স্কলাৰশ্বীপ পুনৰ মোকলাই দিয়া, ডি ভোটাৰৰ নামত চলাই নিয়া অন্যায় বন্ধ কৰাৰ দাবী আৰু উক্ত সমস্যা সমাধানৰ দাবীত আমছুয়ে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

উল্লেখ্য যে, অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘুৰ ন্যায় নিৰাপত্তা অধিকাৰ দাবী পূৰণ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব বুলি আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে প্ৰতিবাদস্থলীৰ পৰা হুংকাৰ দিয়ে । তেওঁ লগতে মুখ্যমন্ত্ৰীয়ে অসমত হিটলাৰী ৰাজত্ব চলাই অসমৰ সংখ্যালঘুক উচ্ছেদ কাৰ্য চলাই নিছে বুলি অভিযোগ কৰি ইয়াৰ ফলত এতিয়ালৈকে প্ৰায় তিনিহাজাৰ সংখ্যালঘু ছাত্ৰ-ছাত্ৰী শিক্ষাৰ পৰা বঞ্চিত হ’ব লগা হৈছে বুলি মন্তব্য কৰে । দৰিদ্ৰ সংখ্যালঘু ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাৰ পৰা বঞ্চিত হোৱাৰ পাছতো অসম চৰকাৰে কোনো গুৰুত্ব দিয়া নাই বুলি আমছুৱে অভিযোগ উত্থাপন কৰে । 

লগতে পঢ়ক: 40 শতাংশ ! অসমত মুছলমান জনসংখ্যাৰ হাৰে সমালোচনালৈ ঠেলিলে মুখ্যমন্ত্ৰীক; আমছুক লাগে প্ৰমাণ - Assam Muslim population row

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.