স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ: চৰকাৰক সমালোচনা আমছুৰ কেন্দ্ৰীয় সভাপতিৰ - AAMSU Protest

By ETV Bharat Assamese Team

Published : Aug 21, 2024, 7:52 AM IST

thumbnail
আমছুৰ প্ৰতিবাদী কাৰ্যসূচী (ETV Bharat Assam)

মাণিকপুৰ, ২১আগষ্ট: বঙাইগাঁৱৰ পাগলাস্থান আৰু উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত মঙলবাৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু)ৰ বঙাইগাঁও জিলা সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । প্ৰৱল বৰষুণকো নেওচি বঙাইগাঁও আৰু উত্তৰ শালমাৰা মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত আমছুৱে ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী ।  

স্মাৰ্ট মিটাৰ সংযোগ বন্ধ কৰি পূৰ্বৰ মিটাৰ বহাল ৰখা, জাহাংগীৰ আলমৰ হত্যাকাণ্ডৰ উচিত তদন্ত, বানপানীৰ ফলত ক্ষতিগ্ৰস্ত আৰু গৃহহীন লোকসকলক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ লগতে প্ৰতিটো ভূমিহীন আৰু উচ্ছেদিত পৰিয়ালক চৰকাৰীভাৱে ভূমি প্ৰদান কৰাৰ দাবীত ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰে ।

এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি আমছুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম সৰকাৰে অসম চৰকাৰৰ স্মাৰ্ট মিটাৰক লৈ তীব্ৰ ভাষাৰে সমালোচনা কৰে । তেওঁ জাহাংগীৰ আলমৰ হত্যাকাণ্ডৰ উচিত তদন্তৰো দাবী জনায় । 

লগতে পঢ়ক:জংগী আন্দোলনৰ হুংকাৰেৰে ৰাজ্যজুৰি আমছুৰ প্ৰতিবাদ: স্মাৰ্ট মিটাৰ স্থাপনৰ বিৰোধিতা - AAMSU Protest

বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ বিক্ষোভ - AASU Protest

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.