লাভলীনা বৰগোঁহাইলৈ সৰুপথাৰত শুভেচ্ছামূলক অনুষ্ঠান - Paris Olympics 2024

By ETV Bharat Assamese Team

Published : Jul 30, 2024, 10:43 PM IST

thumbnail
লাভলীনা বৰগোঁহাইলৈ সৰুপথাৰত শুভেচ্ছামূলক অনুষ্ঠান (ETV Bharat Assam)

সৰুপথাৰ,৩০ জুলাই: বুধবাৰে পেৰিছ অলিম্পিকত নৰৱে'ৰ বক্সাৰৰ সৈতে ৰিঙত নামিব অসমকন্যা লাভলীনা বৰগোঁহাই । উৎকণ্ঠাৰ সীমা নাই সৰুপথাৰ তথা ধনশিৰিবাসীৰ । সৰুপথাৰৰ ৰংঘৰত মঙলবাৰে সন্ধিয়া এক শুভেচ্ছামূলক অনুষ্ঠানৰ আয়োজন কৰা হয় । উক্ত অনুষ্ঠানত হৰ্ডিং প্ৰদৰ্শন কৰা হয় । "গ' ফৰ গ'ল্ড লাভলীনা" বুলি শুভেচ্ছামূলক বাক্যৰে লাভলীনাক অনুপ্ৰাণিত কৰিবলৈ গ্ৰহণ কৰা হয় এক প্ৰচেষ্টা । লাভলীনা বৰগোঁহাইৰ পিতৃ টিকেন বৰগোঁহাইয়ে এগছি বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে ।  

লগে লগে ক্ৰীড়া সংগীত পৰিৱেশন কৰা হয় । সকলোৱে আশাবাদী যে লাভলীনা বৰগোঁহায়ে এইবাৰ পেৰিছ অলিম্পিকত স্বৰ্ণ জয় কৰিব । উক্ত অনুষ্ঠানত উপস্থিত থাকে সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন, DIG দেৱজ্যোতি মুখাৰ্জী, গোলাঘাটৰ আৰক্ষী অধীক্ষক ৰাজেন সিং, ধনশিৰি মহকুমাধিপতি শ্ৰেয়া সিংহলকে ধৰি বিশিষ্ট ব্যক্তিসকল । 

লগতে পঢ়ক: পুনৰ ইতিহাস ৰচাৰ লক্ষ্যৰে পেৰিছ অলিম্পিকলৈ লাভলীনা বৰগোহাঁই - LOVLINA BORGOHAIN

লাভলীনা বৰগোঁহাই : স্কুলৰ খেলপথাৰৰ পৰা অলিম্পিকৰ ক্ৰীড়াংগনলৈ অদম্য সপোনৰ এক জীয়া বাস্তৱ - PARIS OLYMPICS 2024

এই প্ৰত্যাহ্বান অতিক্ৰম কৰিব পাৰিলেই অলিম্পিকত লাভলীনাৰ দ্বিতীয় পদক নিশ্চিত ! - Paris Olympics 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.