নৈত উটি গ’ল কৃষক : চিৰাঙত অব্যাহত উদ্ধাৰ অভিযান - swept away by River in Chirang

By ETV Bharat Assamese Team

Published : Jun 25, 2024, 9:53 PM IST

thumbnail
চিৰাঙত নৈত উটি গ’ল এগৰাকী কৃষক (ETV Bharat Assam)

চিৰাং, 25 জুন : চিৰাঙৰ চিদলী কানিভূৰ নৈৰ বাঢ়নি পানীত উটি গ’ল এজন কৃষক । এছ ডি আৰ এফে অভিযান চলায়ো কৰিব পৰা নাই উদ্ধাৰ । চিৰাঙৰ চিদলীৰ সমীপৰ মিলনপাৰা গাঁৱৰ কানিভূৰ নৈত সংঘটিত হয় অঘটনটো ৷

উল্লেখ্য যে হঠাতে কানিভূৰ নৈৰ পানীৰ স্তৰ বাঢ়ি যায় মঙলবাৰে ৷ মিলনপাৰা গাঁৱত খেতিপথাৰত কাম কৰি কানিভূৰ নৈ পাৰ হৈ আশ্ৰাবাৰী গাঁৱলৈ যোৱাৰ সময়তে বাঢ়নী পানীৰ সোঁতত উটি যায় লোকজন ৷ উটি যোৱা কৃষকজনক বাসুগাঁও আৰক্ষী থানাৰ অন্তৰ্গত আশ্ৰাবাৰী গাঁৱৰ সৌম্বনাথ বসুমতাৰী (৪৫) বুলি জানিব পৰা গৈছে ৷

এইপৰ্যন্ত কৃষকজনৰ কোনো সন্ধান লাভ কৰা হোৱা নাই ৷ ঘটনাস্থলীত আৰক্ষী আৰু এছ ডি আৰ এফৰ লোক উপস্থিত হৈ অনুসন্ধান অব্যাহত ৰাখিছে  ৷

লগতে পঢ়ক: বাঢ়নী পানী চাবলৈ লৈ উভতিল নাবালকৰ নিথৰদেহ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.