মহিলাক খেদি খেদি দাৰে কাটি হত্যা কৰিলে যুৱকে - Sensational murder case at Moran
🎬 Watch Now: Feature Video
মৰাণ, ২৭ জুলাই: মৰাণৰ তিলৈজান মাজপথাৰ গাঁৱত এজন ২৩ বছৰীয়া যুৱকৰ দাৰ ঘাপত মৃত্যু ৫০ বছৰীয়া মহিলাৰ । মহিলাগৰাকীক খেদি খেদি দাৰে কাটি হত্যা কৰিলে যুৱকে । ঘটনা অনুসৰি আজি বিয়লি তিলৈজান মাজপথাৰ গাঁৱত প্ৰাণেশ্বৰী কিষাণ নামৰ মহিলাগৰাকী কামৰ পৰা আহি ঘৰৰ চোতালত বহি আছিল । তেনে সময়ত মহিলাগৰাকীৰ ঘৰৰ পৰা এখন দা লৈ একেই চুবুৰীয়া সুনীল গোৱালাই মহিলাগৰাকীক খেদি যায় ।
অভিযুক্ত সুনীল গোৱালাই অকস্মাতে দা লৈ খেদি খেদি ডিঙিত ঘাপ মাৰি হত্যা কৰে বৃদ্ধা প্ৰাণেশ্বৰী কিষাণক । এই ঘটনাৰ সম্ভেদ লাভ কৰাৰ পাচতেই ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী । মৰাণহাট আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি অভিযুক্ত সুনীলক আটক কৰি তদন্ত আৰম্ভ কৰিছে ।
সুনীল গোৱালাই কি কাৰণত প্ৰাণেশ্বৰী কিষাণক হত্যা কৰিলে সেয়া এই পৰ্যন্ত জানিব পৰা হোৱা নাই । ঘটনা সংঘটিত কৰা সময়ত অত্যধিক সুৰাপান কৰি আছিল যুৱকজনে । ঘটনাক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।
লগতে পঢ়ক: অভিযুক্তৰ স্বীকাৰোক্তিৰ ভিত্তিত পুতি থোৱা মহিলাৰ মৃতদেহ উদ্ধাৰ - Golaghat murder case