thumbnail

খোল-তাল বজাই বেদীত প্ৰতিষ্ঠা মা লক্ষ্মীক; কেওঁটকুছিত ৭ দিনীয়া কাৰ্যসূচীৰে লক্ষ্মী পূজাৰ মহা আয়োজন

By ETV Bharat Assamese Team

Published : 2 hours ago

বৰপেটা, ১৭ অক্টোবৰ: লক্ষ্মী পূৰ্ণিমাৰ দিনা ৰাজ্যবাসীয়ে সভক্তিৰে পূজা কৰিলে ধন আৰু ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী মা লক্ষ্মীক ৷ সমগ্ৰ ৰাজ্যতে বুধবাৰে হিন্দু ধৰ্মীয় পৰম্পৰা অনুসৰি উদযাপন কৰা হয় ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰীশ্ৰীমহালক্ষ্মীৰ পূজা ৷ বৰপেটা জিলাৰ বিভিন্ন স্থান তথা লক্ষ্মী মন্দিৰত ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীৰ পূজাৰ আয়োজন কৰা হয় ।‌ ঠাই বিশেষে তিনিৰ পৰা সাত দিনীয়া কাৰ্যসূচীৰে এই পূজাৰ আয়োজন কৰা হয় ।

বুধবাৰৰে পৰা বৰপেটাৰ কেওঁটকুছিত ৭ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে মহালক্ষ্মী পূজা মহোৎসৱ ৷ এইবেলি ৮৮ বছৰত পদাৰ্পন কৰিছে কেওটকুছিৰ মহালক্ষ্মী পূজা মহোৎসৱে ৷ বুধবাৰে বিয়লিৰ ভাগত ভক্তসকলে খোল-তাল বজাই দেৱীৰ প্ৰতিমা আদৰি আনি পূজাৰ বেদীত দেৱীপ্ৰতিমা স্থাপন কৰা হয় ৷ ইয়াৰ পাচতে যথাবিহীত ধৰ্মীয় পৰম্পৰাৰে পূজা অৰ্চনা আৰম্ভ হয় ৷

মহালক্ষ্মী পূজাৰ দ্বাৰ উন্মোচন কৰে বৰপেটা সমষ্টিৰ প্ৰাক্তন বিধায়ক গুনীন্দ্ৰ নাথ দাসে ৷ পূজাৰ পৰম্পৰাগত ৰীতি নীতিৰ লগতে বিভিন্ন প্ৰতিযোগিতা, নাট প্ৰদৰ্শন, মেলা আদিও অনুষ্ঠিত হ’ব । মহালক্ষ্মী পূজা উপলক্ষে কেওঁটকুছিৰ পূজাথলি লোকাৰণ্য হৈ পৰা পৰিলক্ষিত হয় ৷

বুধবাৰৰে পৰা আৰম্ভ হোৱা কেওঁটকুছিৰ মহালক্ষ্মী পূজা মহোৎসৱ উপলক্ষে থিয়নাম, আতচবাজী আদি প্ৰদৰ্শন কৰা হয় ৷ সাতদিনীয়াকৈ অনুষ্ঠিত শ্ৰীমহালক্ষ্মীপূজা মহোৎসৱত ৰাইজৰ উপস্থিতি কামনা কৰিছে উদ্যোক্তাসকলে ৷

লগতে পঢ়ক : গুৱাহাটীৰ বজাৰত লক্ষ্মী পূজাৰ সামগ্ৰীৰ পয়োভৰ

লগতে পঢ়ক : জীৱনত ধনৰ অভাৱ দূৰ কৰিব বিচাৰে নেকি ? আজি লক্ষ্মী পূজাৰ দিনা কৰক এই কাম

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.