মৰিগাঁৱত ত্ৰিৰংগ পতাকা উত্তোলন জিলা আয়ুক্তৰ - 78th Independence Day

By ETV Bharat Assamese Team

Published : Aug 15, 2024, 10:19 PM IST

thumbnail
ত্ৰিৰংগ পতাকা উত্তোলন কৰে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই (ETV Bharat Assam)

মৰিগাঁও,১৫ আগষ্ট: সমগ্ৰ দেশতে বৃহস্পতিবাৰে উলহ-মালহৰে উদযাপন কৰা হয় ৭৮ সংখ্যক স্বাধীনতা দিৱস । দেশৰ অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ উদ্যোগতো মৰিগাঁৱৰ তৰুণৰাম ফুকন খেলপথাৰত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয় গৌৰৱোজ্বল ৭৮ সংখ্যক স্বাধীনতা দিৱস । স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি ২৩পৃষ্ঠা জোৰা উন্নয়নৰ খতিয়ান ব্যাখ্যা কৰে জিলা আয়ুক্ত দেবাশীষ শৰ্মাই ।  

ইয়াৰ পূৰ্বে আয়ুক্তগৰাকীয়ে আৰক্ষী, অৰ্ধসামৰিক বাহিনী, গৃহৰক্ষী বাহিনী, এন চি চি আৰু বিভিন্ন স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীৰ অভিবাদন গ্ৰহণ কৰে ।ই য়াৰোপৰি বিভিন্ন সাংস্কৃতিক গোষ্ঠীৰ সাংস্কৃতিক অনুষ্ঠানৰে জীপাল হৈ পৰে তৰুণৰাম ফুকন খেলপথাৰ । ইয়াৰ সমান্তৰালকৈ মৰিগাঁও জিলা পৰিবহন বিভাগ, তিৱা স্বায়ত্ত পৰিষদৰ কাৰ্যলয়, জিলা মিডিয়া ক্লাৱ মৰিগাঁৱৰ প্ৰাংগণকে আদি কৰি বিভিন্ন প্ৰান্তত ত্ৰিৰংগ পতাকা উত্তোলন কৰি উদযাপন কৰা হয় স্বাধীনতা দিৱস ।

লগতে পঢ়ক: ৰাজ্যৰ বিভিন্ন জিলাত স্বাধীনতা দিৱস উদযাপন - 78th Independence Day

ৰাজ্যজুৰি উলহ-মালহেৰে 78 সংখ্যক স্বাধীনতা দিৱস উদযাপন - INDEPENDENCE DAY 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.