ভিন-ভিন প্ৰান্তৰ শিক্ষাৰ্থীৰ চমকপ্ৰদ উদ্ভাৱনেৰে আই আই টি মুখৰিত - SCIENCE FESTIVAL AT IIT GUWAHATI
🎬 Watch Now: Feature Video


Published : Dec 2, 2024, 8:20 PM IST
বাইহাটা: আই আই টি গুৱাহাটীত অনুষ্ঠিত হৈছে প্ৰজ্ঞাৰ বিশাল মেলা । কি চাব আপুনি এই মেলাত ! মহাকাশ গৱেষণাৰ পৰা আৰম্ভ কৰি জকাইচুকৰ গাঁৱৰ শিক্ষাৰ্থীৰ উদ্ভাৱনলৈকে সকলো উপলব্ধ । ভাৰতবৰ্ষৰ প্ৰতিখন প্ৰদেশৰ উদ্ভাৱনী চমকে পোহাৰ মেলিছে আই আই টি গুৱাহাটীৰ এই মেলাত । লগতে আছে চাৰিখন উদ্ভাৱনী প্ৰযুক্তি ভিলেজ । ইয়াৰ উপৰিও আছে বিজ্ঞানী আৰু শিক্ষাৰ্থীৰ মুখামুখি ৰাউণ্ড টেবুল তথা পেনেল ডিছকাচনৰ ব্যৱস্থা আৰু বিনোদনৰ বাবে আছে থলুৱা তথা প্ৰবাসী শিল্পীৰ মনোজ্ঞ ভিন্নৰঙী সাংস্কৃতিক অনুষ্ঠান । দেশৰ ভিন্ন ভাষা-ভাষী শিক্ষাৰ্থীৰ পদাৰ্পণে মহোৎসৱখনিক পৰিণত কৰিছে তথ্য প্ৰযুক্তি উত্তৰণ ক্ষেত্ৰ আই আই টি গুৱাহাটী হিচাপে ।
৩০ নৱেম্বৰৰ পৰা চাৰিদিনীয়াকৈ গুৱাহাটী আই আই টিত অনুষ্ঠিত হোৱা এই ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ ২০২৪ৰ দশম সংস্কৰণ বিশাল বিজ্ঞান মহোৎসৱখনিত উত্তৰ-পূৱৰ কেইবাটাও চমকপ্ৰদ উদ্ভাৱনৰ প্ৰদৰ্শন হৈছে । ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই যোৱা ৩০ নৱেম্বৰত এই অনুষ্ঠানৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল । মুখ্যমন্ত্ৰীগৰাকীৰ লগতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আই আই টি গুৱাহাটীত এই সমাৰোহ পাতি সকলোৰে মাজত বিজ্ঞানমুখী চেতনা জাগ্ৰত কৰাৰ প্ৰয়াস কৰিছে বুলি জনাই উদ্যোক্তাসকলে ।