হায়দৰাবাদ: শেহতীয়াকৈ ভাৰতীয় টেলিকম ৰেগুলেটৰী অথৰিটি চমুকৈ TRAI এ নেটৱৰ্ক কোম্পানীবিলাকলৈ জাৰি কৰিছিল এক নতুন নিৰ্দেশনা ৷ ভইচ অনলি ৰিচাৰ্জ প্লেনৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছিল ৷ ইয়াৰ পাচতে নেটৱৰ্ক কোম্পানীবিলাকে এই দিশলৈ লক্ষ্য ৰাখি কেৱল ভইচ অনলি ৰিচাৰ্জ প্লেন মুকলি কৰিছিল ৷ দেশৰ অন্যতম আগশাৰীৰ টেলিকম সেৱা প্ৰদানকাৰী এয়াৰটেলে ভাৰতীয় টেলিকম ৰেগুলেটৰী অথৰিটি (সাধাৰণতে ট্ৰাই নামেৰে জনাজাত)ৰ নিৰ্দেশনা অনুসৰণ কৰি দুটা কেৱল ভয়েচ-অনলি ৰিচাৰ্জ প্লেন মুকলি কৰিছে । TRAI য়ে টেলিকম কোম্পানীবোৰক (এয়াৰটেল, জিঅ’ আৰু ভোডাফোন-আইডিয়া) কেৱল ভইচ-অনলি প্ৰিপেইড প্লেন আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছে যিয়ে কেৱল 2G ফিচাৰ ফোন ব্যৱহাৰকাৰীক সাঙুৰি ল’ব । এই প্লেনসমূহ মুকলিৰ সাত দিনৰ ভিতৰত তন্ন তন্নকৈ পৰীক্ষা কৰা হ’ব ।
এই নিৰ্দেশনা মানি চলি এয়াৰটেলে গ্ৰাহকৰ বাবে অধিক সুলভ কৰি তুলিবলৈ মূল্য হ্ৰাস কৰি কেৱল ভইচ-অনলি প্লেন সংশোধন কৰিছে ।
এয়াৰটেলৰ নতুন সংশোধিত মূল্য
পূৰ্বতে এই প্লেনৰ মূল্য আছিল 499 টকা ৷ সংশোধিত মূল্য হ’ল 469 টকা ৷ নতুন মূল্য পূৰ্বতকৈ 30 টকা কম ৷ এই প্লেনত আছে আনলিমিটেড ভইচ কলিং আৰু 900 ফ্ৰী এছএমএছ ৷ ডাটা সেৱা নাই এই প্লেনত ৷ সাধাৰণতে এই প্লেনৰ টাৰ্গেট গ্ৰাহক হ’ল সেইসকল যিয়ে 2G বৈশিষ্ট্যযুক্ত ফোন ব্যৱহাৰ কৰে, যিসকলক কোনো ডাটাৰ প্ৰয়োজন নাই ৷ কেৱল কলিং আৰু এছএমএছ সেৱাৰহে প্ৰয়োজন ৷ এই প্লেনৰ বৈধতা থাকিব 84 দিন পৰ্যন্ত ৷
1849 টকীয়া প্লেন
পূৰ্বতে এই প্লেনৰ মূল্য আছিল 1959 টকা ৷ নতুন মূল্য হ’ল 1849 টকা ৷ পূৰ্বতকৈ হ্ৰাস পালে 110 টকা ৷ এই প্লেনত সমগ্ৰ ভাৰততে আনলিমিটেড ভইচ কলিং আৰু ফ্ৰী এছএমএছ প্ৰদানৰ সুবিধা লাভ কৰিব যদিও ডাটা সেৱা উপলব্ধ নাই এই প্লেনত ৷ ব্যৱহাৰকাৰীয়ে লাভ কৰিব 3600 টা ফ্ৰী এছএমএছ ৷ ডাটা অবিহনে ভইচ আৰু এছএমএছ সেৱা বিচৰা গ্ৰাহকৰ বাবে এই প্লেন মুকলি কৰা হৈছে ৷ এই প্লেনৰ বৈধতা থাকিব সম্পূৰ্ণ এবছৰ ৷
উল্লেখ কৰা প্ৰয়োজন যে, দেশৰ আন এটা আগশাৰীৰ নেটৱৰ্ক কোম্পানী জিঅ’ই TRAI ৰ নিৰ্দেশনা মানি ইয়াৰ পূৰ্বেই ভইচ অনলি প্লেন মুকলি কৰিছিল যাৰ মূল্য এয়াৰটেলতকৈ কম ৷
জিঅ’ৰ প্লেন
জিঅ’ই 458 মূল্যৰ বিনিময়ত মুকলি কৰিছে 84 দিনৰ বাবে প্লেন ৷ য’ত আনলিমিটেড কলৰ লগতে 1000 ফ্ৰী এছএমএছৰ সুবিধা আছে ৷ অৱশ্যে ডাটা সেৱা উপলব্ধ নাই এই প্লেনত ৷
আনহাতে, জিঅ’ই 1958 টকাত আন এক প্লেন মুকলি কৰিছে যাৰ বৈধতা 365 দিনৰ বাবে ৷ আনলিমিটেড কলৰ লগতে 3600 ফ্ৰী এছএমএছৰ সুবিধা আছে ৷ অৱশ্যে ডাটা সেৱা উপলব্ধ নাই এই প্লেনতো ৷