ETV Bharat / state

প’লেণ্ডৰ জীয়াৰী হ’ল তেজপুৰৰ বোৱাৰী : এটা যুগৰ অন্তত স্থায়ী হ’ল সম্পৰ্ক - Polish girl married to Tezpur

author img

By ETV Bharat Assamese Team

Published : Jul 16, 2024, 7:01 PM IST

Bride from foreign : বেদৰ মন্ত্ৰোচাৰণৰ মাজেৰে তেজপুৰৰ বোৱাৰী হ’ল প’লেণ্ডৰ মেন্দোলিনা ৷ ফেচবুকৰ চিনাকি ল’ৰাটোক স্বামী হিচাপে গ্ৰহণ কৰিলে যুৱতীগৰাকীয়ে ৷

POLISH GIRL MARRIED TO TEZPUR
প’লেণ্ডৰ জীয়ৰী হ’ল তেজপুৰৰ বোৱাৰী (ETV Bharat Assam)

তেজপুৰ, ১৬ জুলাই : তেজপুৰ চহৰত অনুষ্ঠিত এখন বিয়া এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৷ জোৰোন আৰু বিয়া একেদিনাই অনুষ্ঠিত কৰি বেদৰ মন্ত্ৰৰে, সম্পূৰ্ণ হিন্দু ধর্মৰ নিয়মৰ মাজেৰে দৰাই আদৰিলে এগৰাকী বিদেশী কইনাক ৷

প’লেণ্ডৰ জীয়াৰী হ’ল তেজপুৰৰ বোৱাৰী (ETV Bharat Assam)

বিয়াখনৰ কইনাক চাবলৈ উদগ্ৰীৱ হ’ল সকলো ৷ কাৰণ কইনাৰ ঘৰ প’লেণ্ডত ৷ সেয়েহে নিশালৈকে বিয়াখন চাবলৈ অপেক্ষা কৰিলে সকলোৱে । সুদূৰ প’লেণ্ডৰ এগৰাকী যুৱতীৰ লগত অনলাইনযোগে অৰ্থাৎ ফেচবুকৰ জৰিয়তে চিনাকি হৈ অৱশেষত বিবাহপাশত আৱদ্ধ হ’ল তেজপুৰৰ এজন যুৱক ।

সোমবাৰে তেজপুৰ কেতেকীবাৰীৰ জিষ্ণু প্ৰতীম নামৰ যুৱকজনৰ লগত বিবাহপাশত আৱদ্ধ হ ’ল প’লেণ্ডৰ মেন্দোলিনা নামৰ যুৱতীগৰাকী ৷ ধুম-ধামেৰে বিবাহখন অনুষ্ঠিত হয় দৰাৰ তেজপুৰ কেতেকীবাৰীস্থিত নিজা বাসভৱনত ৷ প’লেণ্ডৰ শাহুৱে হিন্দু ধৰ্মৰ পৰম্পৰা মতে আদৰিলে জোঁৱাইক ৷

উল্লেখ্য যে মেন্দোলিনা নামৰ যুৱতীগৰাকীৰ লগত ২০১২ চনত ফেচবুকৰ জৰিয়তে চিনাকি হয় জিষ্ণু প্ৰতীম । তাৰ পিচত এবাৰ জিষ্ণু প্ৰতীমৰ ঘৰলৈ আহে প’লেণ্ডৰ যুৱতীগৰাকী ৷ পৰৱৰ্তী সময়ত জিষ্ণু প্ৰতীমলৈ বিয়া হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে মেন্দোলিনাই ৷

সেই অনুযায়ী মেন্দোলিনাই পিতৃ-মাতৃ আৰু সম্বন্ধীয় লোকৰ লগত তেজপুৰত উপস্থিত হয় ৷ এবছৰৰ ভিছা লৈ এই বিবাহ সম্পন্ন কৰে যুৱতীগৰাকীয়ে ৷ সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে সোমবাৰে নিশা অনুষ্ঠিত হয় বিবাহ অনুষ্ঠানটো ।

ইফালে কইনাৰ সাজ পৰিহিত মেন্দোলিনাই স্বভাৱসুলভ লাজুক লাজুক ভাবেৰে কয় যে এই বিবাহপাশত আৱদ্ধ হৈ তেওঁ অতিকৈ সুখী ৷ যদিও সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে তেওঁলোকৰ চিনাকি, সেই চিনাকি চিৰদিনৰ বান্ধোনেৰে কটকটীয়া কৰিলে ৷ উল্লেখ্য যে মেন্দোলিনাৰ পৰিয়ালৰ লোক, পিতৃ-মাতৃ গৃহভূমি প’লেণ্ডলৈ উভতি যাব ৷ যিহেতু তেওঁলোকৰ ভিছা নিৰ্ধাৰিত সময়লৈকেহে প্ৰযোজ্য হ’ব ।

সাত সাগৰ তেৰ নদী পাৰ হৈ অসমৰ লোক নিৰ্মাণ বিভাগত কৰ্মৰত অসমীয়া যুৱকৰ লগত বিবাহপাশত আৱদ্ধ হ’ল মেন্দোলিনা ৷ ভগা ভগা অসমীয়াতে ক’লে- ‘‘আপোনাক সৱক ভাল লাগে ।’’

লগতে পঢ়ক : নিঃশব্দ প্ৰেমৰ সমফল প্ৰাপ্তি, দুই মুকবধিৰে মেলিলে সংসাৰৰ পাতনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.